দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীক ৫৫ সংখ্যক মৃত্যু-বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ

119

ভৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীক তেখেতৰ ৫৫ সংখ্যক মৃত্যু-বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছে দেশবাসীয়ে ৷ ভাৰতত শ্বেত বিপ্লৱ আৰু সেউজ বিপ্লৱৰ সূচনা কৰা এই গৰাকী ব্যক্তিৰ অৱদান চিৰস্মৰণীয় ৷ স্বাধীন ভাৰতৰ জৱাহৰ লাল নেহৰুৰ নেতৃতাধীন চৰকাৰৰ সময়ছোৱাত ১৭ বছৰ লাল বাহাদুৰ শাস্ত্ৰীয়ে উল্লেখনীয় অৱদান আগবঢ়ায় ৷

এই প্ৰবীণ নেতাগৰাকীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অগ্ৰণী ভূমিকা পালন কৰিছিল ৷ ১৯৬৫ চনত ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত শাস্ত্ৰীয়ে ‘জয় জোৱান জয় কিষাণ’ শ্লোগান প্ৰদান কৰিছিল ৷ তেখেতৰ এনে ধৰণৰ শ্লোগানে সৈনিকৰ মনোবল বৃদ্ধি কৰাত সহায় কৰিছিল ৷ জৱাহৰ লাল নেহৰুৰ মৃত্যুৰ পিছত ১৯৬৪ চনৰ মে মাহত লাল বাহাদুৰ শাস্ত্ৰীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে ৷

বিনম্ৰ আৰু মৃদুভাষী নেতা গৰাকীয়ে দেশক এক শক্তিশালী নেতৃত্ব প্ৰদান কৰিছিল ৷ কেৱল ১৯ মাহৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল শাস্ত্ৰী ৷ ১৯৬৬ চনৰ ১১ জানুৱাৰীত উজবেকিস্তানত ৰহস্যজনকভাবে মৃত্যু হয় লাল বাহাদুৰ শাস্ত্ৰীৰ ৷ ভাৰত-পাকিস্তানৰ মাজৰ শান্তি চুক্তি ‘টাচকাণ্ট চুক্তি’ স্বাক্ষৰিত হোৱাৰ পিছতেই মৃত্যু হয় প্ৰধানমন্ত্ৰী গৰাকীৰ ৷

১৯০৪ চনৰ ২ অক্টোবৰত জন্মগ্ৰহণ কৰিছিল লাল বাহাদুৰ শাস্ত্ৰীয়ে ৷ মহাত্মা গান্ধীৰ এগৰাকী অনুৰাগী আছিল তেওঁ ৷ মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনৰ সময়ত লাল বাহাদুৰ শাস্ত্ৰীৰ বয়স আছিল মাত্ৰ ১৬ বছৰ ৷ আজি তেখেতৰ ৫৫ সংখ্যক মৃত্যু তিথিত দেশবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰিছে প্ৰবীণ নেতা গৰাকীক ৷