দেশৰ আৰ্থিক বিকাশ ৫ শতাংশ হ’লেও মই নিজকে সৌভাগ্যবান বুলি ভাৱিমঃ RBIৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজন

204

ডিজিটেল ডেস্ক: “দেশৰ অৰ্থনৈতিক বিকাশ পাঁচ শতাংশ হ’লেও মই নিজকে ভাগ্যৱান বুলি গণ্য কৰিম।” এনেধৰণৰ বাকপটু মন্তব্য ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ, বৰ্তমান হাৰ্ভাৰ্ডৰ অৰ্থনীতিৰ অধ্যাপক ৰঘুৰাম ৰাজনৰ। ৰাজনে কেন্দ্রৰ বিৰুদ্ধে মাত মাতি নৰেন্দ্র মোডী চৰকাৰক সদায় সমালোচনা কৰি আহিছে৷ ইফালে দুদিন পূৰ্বে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো’ যাত্ৰাত যোগদান কৰিছিল ৰাজনে। কেন্দ্ৰৰ বিত্তীয় নীতি সন্দৰ্ভত পুনৰ এবাৰ মন্তব্য কৰে ৰাঘুৰাম ৰাজনে।

ৰাহুল গান্ধীক দিয়া এক সাক্ষাৎকাৰত ৰঘুৰাম ৰাজনে কয়, ‘বেছিভাগ মূল হাৰ বৃদ্ধি কৰা হৈছে। তাৰ লগতে ৰপ্তানিৰ পৰিমাণো কমিছে। অহা বছৰ ভাৰতৰ অৰ্থনীতি ৫ শতাংশ হাৰত বৃদ্ধি পালেও হেঁচাত পৰিব। যদি তেনেকুৱা হয়, তেন্তে আমি নিজকে ভাগ্যৱান বুলি গণ্য কৰা উচিত।”

ৰাজনে কয় যে জিডিপি বৃদ্ধিৰ সমস্যাটো হ’ল ই কিমান ভাল সেয়া নিৰ্ভৰ কৰে আপুনি ইয়াক কি জুখিব পাৰে তাৰ ওপৰত। ধৰি লওক যোৱা বছৰৰ শেষৰ ত্ৰৈমাসিকত আপুনি বেয়া প্ৰদৰ্শন কৰিছিল। তাৰ ওপৰত ভিত্তি কৰি দেখাত বহুত ভাল। কিন্তু ২০১৯ চনৰ হিচাপত হিচাপ কৰিব লাগিব। সেই হিচাপে আমি বছৰি মাত্ৰ ২ শতাংশ হাৰত বৃদ্ধি পাইছো। যিটো ভাৰতৰ দৰে দেশৰ বাবে একেবাৰেই ভাল নহয়।

কেন্দ্রই বাৰে বাৰে দাবী কৰি আহিছে যে ক’ৰোনা মহামাৰীৰ পাছত দেশৰ অর্থনীতি ঘূৰণীয়া হৈছে৷ শেহতীয়াকৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ আৰ্থিক বিকাশৰ সন্দৰ্ভত লোকসভাতো একে দাবী উত্থাপন কৰিছে। কিন্তু ৰাজনে অনুভৱ কৰে যে মুদ্ৰাস্ফীতি দেশৰ বাবে এক অতি জটিল সমস্যা।

তেওঁ মতামত প্ৰকাশ কৰে যে ই পুনৰ আৰ্থিক বৃদ্ধিৰ পথত বাধাৰ সৃষ্টি কৰিব। ৰাজনে স্পষ্ট যে কোভিড সমস্যাৰ কাৰণ। কিন্তু কোভিডৰ পূৰ্বেও ভাৰতৰ অৰ্থনীতি পিছ পৰি আছিল। ইয়াৰ কাৰণ সময়মতে সিদ্ধান্ত সংস্কাৰ কৰিব নোৱাৰাটো। অৰ্থনীতি বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সংস্কাৰ চৰকাৰে কৰিব নোৱাৰিলে।