দেশবাসীয়ে সাত বছৰ ধৰি একেই ভাষণ শুনি আহিছে: প্ৰধানমন্ত্ৰীৰ ভাষণৰ সমালোচনা কংগ্ৰেছৰ

123

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে আজি লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। তেওঁ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰা ভাষণত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুকো স্মৰণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ এক নতুন শ্ল’গান দিয়ে।

আনহাতে, বিৰোধীয়ে প্ৰধানমন্ত্ৰী মোডীৰ এই ভাষণক অৰ্থহীন বুলি অভিহিত কৰিছে। কংগ্ৰেছ নেতাসকলে প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি তেওঁৰ ভাষণত নতুন একো নাই বুলি মন্তব্য কৰে। ইফালে, কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে মোদীক সমালোচনা কৰি কয়, “সবকা সাথ, সবকা বিশ্বাস কেৱল প্ৰধানমন্ত্ৰীৰ শ্লোগানতে সীমাবদ্ধ। বাস্তৱক্ষেত্ৰত চৰকাৰে সকলোৰে বাবে সমানে চিন্তা নকৰে।”

জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে দেশখনে সাত বছৰ ধৰি প্ৰধানমন্ত্ৰীৰ একেই ভাষণ শুনি আহিছে কিন্তু ক্ষুদ্ৰ কৃষককে ধৰি কোনো ক্ষুব্ধ শ্ৰেণীৰ বাবে একো কৰা হোৱা নাই। “তেওঁ নতুন আঁচনি ঘোষণা কৰে, কিন্তু এইবোৰ কেতিয়াও কাৰ্যকৰী কৰা নহয় বা বাস্তৱত দেখা নাযায়।” -খাৰ্গেয়ে কয়।

কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীক সমালোচনা কৰি পুনৰ কয়, “তেওঁ বহু কথা কয়, কিন্তু কেতিয়াও সেইবোৰ অনুসৰণ নকৰে। আৰু এতিয়া তিনিখন নতুন কৃষি আইন আনি কৃষকক পুঁজিপতিৰ গোলাম কৰাৰহে চক্ৰান্ত ৰচিছে।”