দেশত ক্ৰমাগতভাৱে হ্ৰাস পোৱা কোভিড সংক্ৰমণৰ হাৰে যথেষ্ট সকাহ দিছে দেশবাসীক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতত ১৯,৭৪০ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হয়। এই সময়ছোৱাত কোভিডৰ ফলত প্ৰাণ হেৰুৱায় ২৪৫ জন লোকে। ইফালে যোৱা ২৪ ঘণ্টাত দেশত ২৩,৪৩৪ জন কোভিড ৰোগীয়ে আৰোগ্য লাভ কৰিছে।
ভাৰতত বৰ্তমান সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হৈছে ২,৩৬,৬৪৩ জন। উল্লেখ্য যে, দেশত বর্তমান উৎসৱৰ বতৰ। এনে পৰিপ্ৰেক্ষিতত দেশত কোভিড সংক্ৰমণৰ নিম্নগামী হাৰে যথেষ্ট সকাহ দিলেও পূজাৰ বতৰতে কোভিডত তৃতীয় ঢৌৰ প্ৰভাৱ পৰাৰ আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।