ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে অমিক্ৰনৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে। কোভিডৰ এই নতুন প্ৰকাৰত মহাৰাষ্ট্ৰত পুনৰ দুজন আৰু গুজৰাটত আন এজন লোক নতুনকৈ আক্ৰান্ত হৈছে। ইয়াৰ মাজতে কিন্তু দেশৰ কোভিড গ্ৰাফে যথেষ্ট সকাহ দিছে। মঙলবাৰে কেন্দ্ৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এক বুলেটিনত কোৱা হৈছে যে যোৱা ২৪ ঘণ্টাত ৫,৭৮৪ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হয়। সংক্ৰমণৰ হাৰ সোমবাৰৰ তুলনাত ২১ শতাংশ হ্ৰাস পাইছে। ইফালে এই সময়ছোৱাত ২৫২ জন লোকৰ মৃত্যু হয়। এদিনত ৭,৯৯৫ জন লোক আৰোগ্য হৈছে।
ইফালে, অমিক্ৰনত মহাৰাষ্ট্ৰৰ পৰিস্থিতিয়ে উদ্বেগ বৃদ্ধি কৰিছে। ৰাজ্যখনত কোভিডৰ এই নতুন প্ৰকাৰত মুঠ ২০ জন লোক আক্ৰান্ত হৈছে। ইফালে, মঙলবাৰে পুনৰ গুজৰাটত এজন লোকক দেহত অমিক্ৰন ধৰা পৰা বুলি জানিব পৰা গৈছে। দেশত অমিক্ৰনৰ মুঠ ৰোগীৰ সংখ্যা হৈছে ৪১ জন।
সৰ্বাধিক মহাৰাষ্ট্ৰত অমিক্ৰন আক্ৰান্ত ৰোগী ধৰা পৰিলেও ভাৰতত এতিয়া আতংকৰ সৃষ্টি কৰিছে এই মহামাৰীয়ে। গুজৰাট, কৰ্ণাটক, দিল্লী, কেৰালা আদি দেশৰ প্ৰায়কেইখন ৰাজ্যতে ইতিমধ্যে প্ৰৱেশ কৰিছে অমিক্ৰনে।
আনহাতে, খবৰ অনুসৰি সোমবাৰে অমিক্ৰন ভেৰিয়েণ্টত ভুগি থকা এজন ব্ৰিটিছ নাগৰিকৰ মৃত্যু হয়। এই কথা ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে এটা টুইটযোগে নিশ্চিত কৰে। দেওবাৰে, ইউকেৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে স্পষ্ট কৰি দিছিল যে অমিক্ৰনৰ এক বিধ্বংসী ঢৌ ব্ৰিটেইনত আঘাত কৰিবলৈ ওলাইছে। তেওঁ মন্তব্য কৰিছিল যে এই বিষয়ে কোনো সন্দেহ থাকিব নালাগে। ইফালে, মৃত্যুৰ বাতৰিটোৱে পুনৰ আতংকৰ সৃষ্টি কৰিছে। লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিনৰ গৱেষকৰ এটা গোটে চলোৱা এক অধ্যয়ন অনুসৰি, অহা বছৰৰ এপ্ৰিলৰ শেষৰ ফালে ব্ৰিটেইনত ২৪,৭০০ ৰ পৰা ৭৪,৮০০ লোকৰ মৃত্যু হ’ব পাৰে। যোৱা নৱেম্বৰত, বিশ্ব স্বাস্থ্য সংস্থাই কৰোনা ভাইৰাছৰ নতুন প্ৰজাতিৰ প্ৰতিবেদন দিবলৈ এক সতৰ্কবাণী জাৰি কৰিছিল। গৱেষণা দলটোৱে অমিক্ৰনক সেই চিন্তাৰ কাৰণ ৰ ভৱিষ্যতবাণী কৰিছে। তেওঁলোকে দাবী কৰে যে ভাইৰাছটোৰ অত্যাধিক সংক্ৰমণ বিয়পাৰ সম্ভাৱনা আছে আৰু আনুষ্ঠানিকভাৱে অতিৰিক্ত সাৱধানতা অৱলম্বন নকৰিলে অধিক চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন।
সাধাৰণ মানুহে কৰোনাৰ এই প্ৰকাৰটো প্ৰতিৰোধ কৰিবলৈ টিকাকৰণৰ ওপৰত নিৰ্ভৰ কৰি আছে। ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, এতিয়ালৈকে দেশত ১৩৩.৮ নিযুত লোকে কৰোনা টিকাকৰণ লাভ কৰিছে।
