দেশত পুনৰ ৩৫,৩৪২ জন কোভিড পজিটিভ, ৪৮৩ জনৰ মৃত্যু

116

ডিজিটেল ডেস্কঃ বিগত এটা পষেকত দেশত কোভিড সংক্ৰমণ হ্ৰাস পোৱাৰ পিছত এতিয়া পুনৰ ক্ৰমাৎ বৃদ্ধি পাইছে সংক্ৰমিত ৰোগীৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত পুনৰ ৩৫,৩৪২ জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে এই সময়ছোৱাত মৃত্যুক আঁকোৱালি লয় ৪৮৩ গৰাকী কোভিড ৰোগীয়ে।

ইফালে যোৱা এটা দিনত ভাৰতত ৩৮ হাজাৰ ৭৪০জন কোভিড ৰোগী সুস্থ হৈ উঠিছে। বৰ্তমানেও চিকিৎসা চলি আছে ৪ লাখ ৫ হাজাৰ ৫১৩জন কোভিড ৰোগীৰ।

আইচিএমআৰ-এ প্ৰকাশ কৰা তথ্য মতে, দেশত ২২ জুলাইত ১৬ লাখ ৬৮ হাজাৰ ৫৬১জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে। এই সংখ্যাকে ধৰি এতিয়ালৈ মুঠ ৪৫ কোটি ২৯ লাখ ৩৯ হাজাৰ ৫৪৫টা নমুনা পৰীক্ষা কৰা হৈছে।