দেশত পুনৰ ভয়াবহ কোভিড পৰিস্থিতিঃ ৫ শতাংশলৈ বৃদ্ধি সংক্ৰমণৰ হাৰ

87

দেশত পুনৰ ভয়াবহ হৈ পৰিছে কোভিড পৰিস্থিতি। বিগত এটা স্প্তাহৰ তুলনাত ভাৰতত পুনৰ ৫ শতাংশ বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্যমতে, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ৪৫হাজাৰ ৮৯২ জন কোৰোনাত আক্ৰান্ত হৈছে। আনহাতে একেদিনাই মৃত্যু ঘটিছে ৮১৭জন ৰোগীৰ।

উল্লেখ্য যে, যোৱা ২৪ ঘণ্টাৰ মৃত্যুৰ সংখ্যাৰ পিছত দেশত কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটা ৰোগীৰ সংখ্যাই ৪ লাখৰ ঘৰ অতিক্ৰম কৰিছে। স্বাস্থ্য বিভাগৰ তথ্য মতে, দেশত এই পৰ্যন্ত ৪ লাখ ৪৭হাজাৰ ৫৪৯ জন লোকৰ কোভিডৰ ফলত মৃত্যু ঘটিছে।

ইফালে দেশত বৰ্তমানলৈকে ৩৬ কোটি ৪৮ লাখ ৪৭ হাজাৰ ৫৪৯ জন লোকক কোভিডৰ ভেকচিন প্ৰদান কৰা হৈছে। বুধবাৰৰ দিনটোতে ৩৩ লাখ ৮১ হাজাৰ ৬৭১ জনক কোভিড টীকাকৰণ কৰা হয়।