ষ্টাফৰিপোৰ্টাৰ, ৬ মে’ : দেশত এতিয়া তৃতীয় পৰ্যায়ৰ ল’ক ডাউন চলি আছে। কৰ’না
ভাইৰাছৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও স্বাস্থ্য বিভাগে প্ৰতিদিনেই কৰ’ণাক প্ৰতিৰোধ কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰ মাজতে বুধবাৰে সৰুসজাইত উপস্থিত হ’ল স্বাস্থ্যমন্ত্ৰী ়ড০ হিমন্ত বিশ্ব শৰ্মা। অস্থায়ী ভাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মুখ্য কাৰ্যালয় সৰুসজাইলৈ স্থানান্তৰ হ’ব বুলি জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সংবাদিকৰে হোৱা মুখামুখিত মন্ত্ৰী গৰাকীয়ে অন্য কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
ৰাজ্যৰ মুঠ ৫টা স্থানত কোৱাৰেণ্টাইনৰ ব্যৱস্থা।
নামনিলৈ অহা লোকক ৰখা হ’ব কোকৰাঝাৰত।
তেজপুৰত কোৱাৰেণ্টাইন হ’ব পশ্চিম অসমৰ লোক।
উজনি অসমৰ লোকক ৰখা হ’ব যোৰহাটত।
গুৱাহাটীত কোৱাৰেণ্টাইন হ’ব মধ্য অসমৰ লোক।
বৰাকৰ শিলচৰত হ’ব কোৱাৰান্টাইন চেণ্টাৰ।
ব্যক্তিগতভাৱে হোটেল কম খৰচত কোৱাৰেণ্টাইনৰ ব্যৱস্থা।
এতিয়াৰে পৰা ৱাৰ ৰূম হ’ব সৰুসজাই ষ্টেডিয়াম।
অস্থায়ীভাৱে সৰুসজাইলৈ স্থানান্তৰ হ’ব এন এইছ এমৰ কাৰ্যালয়।
সৰুসজাইত নতুনকৈ ৭৯০খন বিচনা সংযুক্ত।
দুই, তিনিদিনৰ ভিতৰত অসম পাবহি বহিঃৰাজ্যৰ পৰা অহা লোকসকল।
কাইলৈ অসমত উপস্থিত হ’ব গুজৰাট আৰু ৰাজস্থানৰ পৰা তিনিশতাধিক ছাত্ৰ ছাত্ৰী।