দৃষ্টিনন্দন ভেলাঘৰে আকৰ্ষণ কৰিছে নলবাৰীয়া ৰাইজক৷৷

515

বৰভাগৰ মৌৰাত ভোগালীৰ বৰঘৰ৷

দৃষ্টিনন্দন ভেলাঘৰে আকৰ্ষণ কৰিছে নলবাৰীয়া ৰাইজক৷৷

শিশু,যুৱকযুৱতী তথা পুৰুষ মহিলাৰ গীতেমাতে ভোগালীৰ উন্মনা৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বৰভাগৰ মৌৰাত এটি দৃষ্টিনন্দন ভেলাঘৰে সমগ্ৰ জিলাখনৰ ৰাইজৰে দৃষ্টি আকৰ্ষণ কৰিছে৷উল্লখ্য যে অঞ্চলটোৰ মৌৰা,সোনকুৰিহা গাৱঁৰ ৰাইজে এমাহ ধৰি কৰা পৰিশ্ৰমৰ পিচত সাজি উলিৱাইছে উক্ত আকৰ্ষনীয় ভেলাঘৰটো৷শুক্ৰবাৰে নিশা উৰুকাৰ প্ৰাকক্ষণত অঞ্চলটোৰ পুৰুষ মহিলা,যুৱকযুৱতী তথা কনকন শিশু সকলৰ আনন্দৰ সীমা নাই৷তেওঁলোকে আনন্দৰে নাচিবাগি আদৰিছে হেপাহৰ ভোগালীক৷অঞ্চলটোৰ ৰাইজৰ প্ৰচেষ্টাই সমগ্ৰ অসমলৈ গৈছে হেৰাব ধৰা অসমৰ ঐতিহ্যৰ বতৰা৷বৰভাগ সদায় বৰভাগ৷এই বৰভাগ যেন সদায় বৰভাগ হৈ থাকে তাকে বিছাৰিছে এইসকল ঐতিহ্য বহনকাৰী ৰাইজে৷