ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত দৃশ্যমানতা বেয়া হোৱাৰ বাবে বিমানসমূহ ১৫ মিনিটতকৈ অধিক সময় আকাশৰ মাজত ঘূৰি থকাৰ বাবে ডিব্ৰুগড় অভিমুখী ইণ্ডিগোৰ দুখন বিমান আগৰতলালৈ ডাইভাৰ্ট কৰা হয়।
সূত্ৰ অনুসৰি ইণ্ডিগ’ৰ দুয়োখন বিমান, নতুন দিল্লী – ডিব্ৰুগড় বিমান নং. ৬ই ২০৩১ আৰু গুৱাহাটী – ডিব্ৰুগড় বিমান নং. ৬ই ২৬৫২ নম্বৰ আগৰতলালৈ ডাইভাৰ্ট কৰা হৈছে।
উল্লেখযোগ্য যে বিমানবন্দৰত চলি থকা ৰাণৱে সম্প্ৰসাৰণৰ কামৰ বাবে ইনষ্ট্ৰুমেণ্ট লেণ্ডিং চিষ্টেমৰ অনুপলব্ধতাৰ বাবে বিমানবন্দৰত বিমান অৱতৰণত বিগত কেইমাহমানৰ পৰা প্ৰভাৱ পৰিছে।
