দুসপ্তাহৰ ভিতৰত ৪ গৰাকী ছাত্ৰীৰ আত্মহত্যা! তামিলনাডুত বৃদ্ধি পাইছে উদ্বেগ

245

তামিলনাডুত বৃদ্ধি পাইছে ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা। খবৰ পোৱা গৈছে যে যোৱা দুসপ্তাহত মুঠ চাৰিগৰাকী ছাত্ৰীয়ে ৰাজ্যখনত আত্মহত্যা কৰিছে। ধাৰণা কৰা হৈছে যে এই কিশোৰ-কিশোৰীসকলে অধ্যয়নৰ বাবে তীব্ৰ উদ্বেগৰ বাবে নিজৰ জীৱনৰ অন্ত পেলাবলৈ বাছি লৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে তেওঁলোকৰ বাবে এক বিশেষ বাৰ্তা প্ৰদান কৰে। আনহাতে, চি আই ডিয়ে ছাত্র-ছাত্রীৰ মৃত্যুৰ তদন্ত কৰিব বুলিও চৰকাৰে অৱগত কৰিছে৷

জনা যায় যে মৃত সকলো ছাত্ৰ-ছাত্ৰী একাদশ বা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী। মঙলবাৰে বিয়লি চলন্ত ৰে’লৰ সন্মুখত জপিয়াই আত্মহত্যা কৰে এজন ছাত্ৰই। জানিব পৰা মতে, কিশোৰজনে প্ৰায়ে ফোন ব্যৱহাৰক লৈ মাক-দেউতাকৰ লগত অসুবিধা পাইছিল। মঙলবাৰে পুৱা শিৱকাশী অঞ্চলৰ পৰা উদ্ধাৰ কৰা হয় একাদশ শ্ৰেণীৰ ছাত্ৰৰ মৃতদেহ। কিন্তু কোনো ছুইচাইড নোট পোৱা নগ’ল।

প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জনোৱা মতে, ছোৱালীজনী পেটৰ সমস্যাত ভুগি আছিল। ইয়াৰ আগদিনা সোমবাৰে স্থানীয় আৰক্ষীয়ে দ্বাদশ শ্ৰেণীৰ এগৰাকী ছোৱালীৰ মৃতদেহ উদ্ধাৰ কৰে। তাৰ পৰা এটা ছুইচাইড নোটও পোৱা যায়। ছোৱালীজনীয়ে তাত লিখিছিল যে মাক-দেউতাকে তাইক আই এ এছ হ’বলৈ হেঁচা দিছিল। কিন্তু সেই ইচ্ছা পূৰণ কৰিব নোৱাৰাৰ বাবেই তেওঁ আত্মহত্যা কৰে।

১৬ জুলাইৰ পৰা আৰম্ভ হৈছিল এই চাৰিজনৰ মৃত্যু। তামিলনাডুৰ এখন আৱাসিক বিদ্যালয়ৰ চালিৰ পৰা জপিয়াই আত্মহত্যা কৰে দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে। ছুইচাইড নোটত ছাত্ৰীগৰাকীয়ে লিখিছে যে শিক্ষকসকলে তেওঁক অহৰহ অত্যাচাৰ কৰিছিল। সেই অপমানত তেওঁ আত্মহত্যা কৰিছিল। এই ঘটনাৰ আশে-পাশে থকা অঞ্চলটোত ব্যাপক উত্তেজনা সৃষ্টি হৈছে। প্ৰতিবাদ কৰাৰ সময়তে স্থানীয় ৰাইজে বিদ্যালয়খনত আক্ৰমণ চলায়। ৰাইজে জুই জ্বলাই দিয়ে স্কুল বাছখনত। ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ছোৱালীজনীৰ পিতৃ-মাতৃয়ে।

সমগ্ৰ ঘটনাক লৈ চিন্তিত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন। মঙলবাৰে তেওঁ ছোৱালীকেইজনীৰ বাবে এক বিশেষ বাৰ্তা প্ৰদান কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আত্মহত্যাৰ চিন্তাক মূৰৰ পৰা উলিয়াই দিবলৈ অনুৰোধ জনায়। তেওঁ কয়, “ছোৱালীক আত্মহত্যাৰ দিশে ঠেলি দিয়া উচিত নহয়। যি সমস্যাৰ সৃষ্টি নহওক কিয়, ছাত্ৰ-ছাত্ৰীসকলে সেইবোৰ ব্যৱহাৰ কৰি আগবাঢ়ি যাব লাগিব।” তাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ওপৰত নিৰ্যাতনৰ অভিযোগ থাকিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়।