মঙলবাৰে নিশা দুলীয়াজানত এখন তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে মৃত্যু ঘটে এটা নাহৰফুটুকী বাঘৰ। নাহৰফুটুকীটো ডিৰিয়াল চাহ বাগিচাৰ পৰা ৰাজপথলৈ ওলাই অহাৰ সময়তে বাহনৰ খুন্দাত মৃত্যুমুখত পৰে।
ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে শতাধিক লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত নাহৰফুটুকীটোৰ শৰীৰৰ অংগ কাটি লৈ যায়।
উল্লেখযোগ্য যে নাহৰফুটুকীটোৱে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজৰ পোহনীয়া জীৱ–জন্তু ভক্ষণ কৰি একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। স্থানীয় ৰাইজে বন বিভাগক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বন বিভাগে।
আনহাতে, ঘটনাস্থলীত দুলীয়াজান আৰক্ষী উপস্থিত হৈয় মৃত নাহৰফুটুকীটো বন বিভাগক গতাই দিয়ে। বন বিভাগৰ চিকিৎসকৰ এটা দলে বাঘটোৰ মৰোণোত্তৰ পৰীক্ষা কৰা পিছত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। ইফালে নাহৰফুটুকীটো খুন্দিয়াই নিহত কৰা অচিনাক্ত গাড়ীখনৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰিছে দুলীয়াজান আৰক্ষীয়ে।
