দুলীয়াজানত ৪৪০ লিটাৰ চুৰি কণ্ডেন্সেট তেল জব্দ, দুজনক আটক

547

গুৱাহাটীঃ দুলীয়াজান আৰক্ষীৰ লগতে অইল ইণ্ডিয়া লিমিটেড চমুকৈ অইলৰ নিৰাপত্তা বাহিনীয়ে অভিযান চলাই ৪৪০ লিটাৰ চুৰি কণ্ডেন্সেট তেল জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰে।

এক গোপন সূত্ৰৰ ভিত্তিত দুলীয়াজান আৰক্ষীয়ে তৈল নগৰীৰ মধুটিং অঞ্চলত অবৈধ কণ্ডেন্সেট তেল কঢ়িয়াই অনা এখন বলেৰ’ বাহন জব্দ কৰাৰ লগতে দুয়োজন তেল সৰবৰাহকাৰীক আটক কৰে।

ধৃত লোক কেইজনৰ নাম ক্ৰমে দীপক চাংমাই আৰু দীপ হাজৰিকা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দীপক চাংমাই শিৱসাগৰ জিলাৰ ডিমৌৰ বাসিন্দা হোৱাৰ বিপৰীতে তিনিচুকীয়া জিলাৰ কাকোপথাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দিৰাক গাঁৱৰ বাসিন্দা দীপ হাজৰিকা।