দুদিনৰ বাবে ঘৰলৈ গৈ মাতৃক সাক্ষাৎ কৰিব পাৰিব কাৰাবন্দী অখিল গগৈয়ে

62

কাৰাবন্দী বিধায়ক অখিল গগৈৰ মাতৃ অসুস্থ! মাতৃৰ অসুস্থতাত চিন্তিত অখিল গগৈও। সেয়ে দুদিন পূৰ্বে কাৰাগাৰৰ পৰাই তেওঁ মাতৃক উদ্দেশ্যি লিখিছিল এখন দীঘলীয়া চিঠি, যি চিঠি পঢ়িলে প্ৰতিগৰাকী হৃদয় থকা মানুহেই আৱেগিক হৈ পৰাটো স্বাভাৱিক।

মাতৃৰ এনে অসুস্থতাৰ সময়ত এবাৰ লগ পোৱাৰ বাবে পুত্ৰ অখিল গগৈয়ে এনআইএ আদালতৰ দাৰস্থ হৈছিল। যাৰ পিছতে দুদিনৰ বাবে এনআইএ আদালতে অখিল গগৈক ঘৰলৈ গৈ মাতৃক সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান কৰিছে। আদালতৰ অনুমতি সাপেক্ষে অখিল গগৈয়ে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে শিৱসাগৰৰ নিজগৃহত উপস্থিত হৈ মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰিব পাৰিব।

কিন্তু অখিল গগৈ কেতিয়া ঘৰলৈ যাব সেই কথা এতিয়া স্পষ্ট কৰা নাই। মাত্ৰ দুদিনৰ বাবেহে লাভ কৰা এনে সাময়িক জামিনৰ পৰিপ্ৰেক্ষিতত অখিল গগৈয়ে শিৱসাগৰলৈ যোৱাৰ সময় এতিয়াও ঠিৰাং কৰা নাই বুলি জানিব পৰা গৈছে।