দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত আৰএছএছ প্ৰধান মোহন ভাগৱত

73

গুৱাহাটীঃ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হৈছে আৰএছএছ প্ৰধান মোহন ভাগৱত। লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত তেওঁ উপস্থিত হোৱাৰ পিছতে আৰএছএছ আৰু বিজেপিৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় নেতা আৰু মন্ত্ৰীয়ে তেওঁক উষ্ম আদৰণি জনায়।

উল্লেখ্য যে, বুধবাৰে গুৱাহাটী লগতে ৰাজ্যৰ আন কেইবাটাও স্থানত অনুষ্ঠিত হবলগীয়া কেইবাটাও কাৰ্যসূচীত অংশ ল’ব মোহন ভাগৱতে। তাৰ পিছত বৃহস্পতিবাৰৰ দিনটোতো আন কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অন্তত বিয়লিৰ ভাগলৈ অসমৰ পৰা বিদায় ল’ব আৰএছএছৰ প্ৰধানগৰাকীয়ে।