ষ্টাফ ৰিপোৰ্টাৰ, ১৩ মে’ : কৰ’না ভাইৰাছৰ বাবে চলি থকা লকডাউনৰ সময়ছোৱাত ক্ষুদ্ৰ ব্যৱসায়ী তুলতুল কছাৰীয়ে উদ্যোগত সমাজৰ আতৰ্জনক সহায়ৰ হাত আগবঢ়াই আহিছে। ক্ষুদ্ৰ ব্যৱসায়ী তুলতুল কছাৰীৰ নেতৃত্বত ২৫ মাৰ্চৰ পৰা গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ দুখীয়া, বিশেষ ভাৱে সক্ষম, পথৰ দাঁতিত থকা ৰোগাক্ৰান্ত সকলক দুপৰীয়াৰ আহাৰ যোগান ধৰি অহা হৈছে। বুধবাৰেও এই কাৰ্যসূচীয়ে ৫০ দিন সম্পূৰ্ণ কৰিলে। বুধবাৰেও বৰাচাৰ্ভিছ, ভঙাগড়, উলুবাৰী, পল্টনবজাৰ, শুক্ৰেশ্বৰ, চানমাৰি, ভৰলু আদি মহানগৰীৰ বিভিন্ন প্ৰান্তত থকা দুখীয়া লোকৰ মাজত দুপৰীয়াৰ আহাৰ যোগান ধৰা হয়। তেওঁ প্ৰতিদিনে প্ৰায় দেৰ শতাধিক লোকক দুপৰীয়াৰ আহাৰ যোগান ধৰি আহিছে বুলি এক বিবৃতি যোগে কয়।