দুখনকৈ ৰাজ্যত বজ্ৰপাতে প্ৰাণ কাঢ়িলে অৰ্ধশতাধিক জনৰ

101

ডিজিটেল ডেস্কঃ প্ৰবল বৃষ্টিপাত আৰু বজ্ৰপাতে কেইবাখনো ৰাজ্যত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিশেষকৈ উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত বিগত কিছু দিনত দি থকা মুষলধাৰ বৰষু্ণ আৰু বজ্ৰপাতত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে অৰ্ধশতাধিক লোকে।

উত্তৰ প্ৰদেশ চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা তথ্যানুসৰি, ৰাজ্যখনত বজ্ৰপাতৰ ফলত এতিয়ালৈকে ৩৭ জনকৈ লোকৰ মৃত্যু ঘটিছে। আনহাতে আহত হৈ চিকিৎসাধীন হৈ আছে ৪০ জনৰো অধিক লোক। নিহত সকলৰ মাজত আছে শিশু আৰু মহিলাও। নিহত সকলৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে যোগী আদিত্যনাথৰ চৰকাৰে।

ইফালে ৰাজস্থানতো ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে মুষলধাৰ বৰষুণে। ৰাজ্যখনৰ কেইবাখনো জিলাত সৃষ্টি হৈছে কৃত্ৰিম বানৰ দৰে পৰিস্থিতিৰ। বজ্ৰপাতৰ ফলত ৰাজস্থানত বিগত এটা সপ্তাহৰ ভিতৰত শিশু আৰু মহিলাসহ ১৮ জনকৈ লোকৰ প্ৰাণ হৰিছে। আনফালে ৰাজ্যখনত বজ্ৰপাতৰ ফলত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে ১২ গৰাকী লোক।