দুঃখবৰ! RBIৰ প্ৰাক্তন গৱৰ্ণৰ এছ ভেংকটাৰমণনৰ দেহাৱসান

306

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ এছ ভেংকটাৰমননৰ দেহাৱসান। শনিবাৰে পুৱা ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে আৰবিআইৰ প্ৰাক্তন গৱৰ্ণৰ গৰাকীয়ে। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দীৰ্ঘদিনীয়া অসুস্থতাত ভুগি আছিল ভেংকটাৰমণনে। তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অষ্টাদশ গৱৰ্ণৰ আছিল। বিত্ত মন্ত্ৰালয়ৰ সচিবৰ দৰে গুৰুত্বপূৰ্ণ পদতো তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

এইগৰাকী দক্ষিণ ভাৰতীয় অৰ্থনৈতিক বিশেষজ্ঞই ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ দুবছৰ আৰ বি আইৰ গৱৰ্ণৰৰ দায়িত্ব পালন কৰিছিল। কোৱা বাহুল্য যে ভাৰতীয় অৰ্থনীতিৰ বাবে অন্যতম প্ৰত্যাহ্বানমূলক সময় আছিল সেয়া। ঠিক তেতিয়াৰ বিত্তমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত ভাৰতে সমগ্ৰ বিশ্বৰ বাবে উদাৰ অৰ্থনীতিৰ দুৱাৰ মুকলি কৰি দিছিল। ইটোৰ পিছত সিটোকৈ বিদেশী কোম্পানীয়ে দেশত প্ৰৱেশ কৰিছিল আৰু চকুৰ সন্মুখত ভাৰতীয় অৰ্থনীতিৰ সংজ্ঞা সলনি হৈ পৰিছিল।

আনহাতে বাবৰি মছজিদ আৰু তাৰ পাছৰ সংঘৰ্ষৰ বাবে সমগ্ৰ দেশ অস্থিৰ হৈ পৰিছিল। অৰ্থনীতিতো ইয়াৰ প্ৰভাৱ পৰে। মন কৰিবলগীয়া যে আৰ বি আইৰ গৱৰ্ণৰ হোৱাৰ পূৰ্বে এছ ভেংকটাৰমণনে ১৯৮৫ চনৰ পৰা ১৯৮৯ চনলৈকে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সচিব হিচাপে সফলতাৰে কাম কৰিছিল। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে দেশৰ অৰ্থনীতিবিদসকলে। এক বিবৃতিত আৰ বি আইয়ে কয় যে, “ভেংকটাৰমণনে অন্যতম কঠিন আৰ্থিক পৰিস্থিতিত নিজৰ কৰ্তব্য সফলতাৰে পালন কৰিছিল।” ইয়াৰ বাবে বহুতে তেওঁক আৰ বি আইৰ শ্ৰেষ্ঠ গৱৰ্ণৰ বুলিও অভিহিত কৰে।