দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ অন্তত মুকলি কৰি দিয়া হল অপহৃত কুইপ’ৰ দুই বিষয়াক

63

দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ অন্তত মুকলি কৰি দিয়া হল অপহৃত কুইপ’ৰ দুই বিষয়া বিহাৰৰ ৰাম কুমাৰ আৰু শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈক। খবৰ অনুসৰি আজি আলফা স্বাধীনে মুকলি কৰি দিয়ে কুইপ’ৰ বিষয়া দুগৰাকীক। কিছু সময় পিছতে স্বগৃহলৈ উভতিবলৈ সক্ষম হব কুইপ’ৰ দুই বিষয়া।

উল্লেখ্য যে, যোৱা ২১ ডিচেম্বৰত আলফা স্বাধীনে অৰুণাচলৰ ডায়ুনৰ পৰা অপহৰণ কৰিছিল কুইপ’ৰ দুই বিষয়া ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক। বিষয়া দুগৰাকীৰ মুক্তিৰ বিনিময়ত কুইপ’ৰ ওচৰত চৰ্ত ৰাখিছিল আলফা স্বাধীনে। কিন্তু চৰ্ত কুইপ’ই মানি ল’বলৈ অস্বীকাৰ হোৱা বাবেই দীৰ্ঘদিন ধৰি আলফা স্বাধীনৰ হাততে বন্দী হৈ আছিল প্ৰণৱ কুমাৰ বৰ্মণ আৰু ৰাম কুমাৰ। কিন্তু অৱশেষত ৩ মাহ ১৪ দিনৰ অন্তত এই দুই বিষয়াক মুকলি কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

ইফালে দুই বিষয়াৰ অপহৰণৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ৰাম কুমাৰ আৰু প্ৰণৱ গগৈৰ পৰিয়ালে আলফা স্বাধীনক দুয়োকে মোকলাই দিবলৈ কাতৰ আহ্বান কৰিছিল। ৰাজ্যবাসীয়েও মুক্তিৰ দাবী জনাইছিল কুইপ’ৰ বিষয়া দুগৰাকীৰ। তাৰ পিছতে আজি মুকলি কৰি দিয়া হৈছে ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক।