দীপৰ বিলৰ পাৰত বনভোজস্থলী উদ্বোধন

69

গুৱাহাটী : প্ৰতি বছৰৰ দৰে এইবেলিও শীতকাল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ আন বনভোজথলীৰ দৰে গুৱাহাটীৰ গাতে লগা দীপৰ বিললৈও বনভোজ খাবলৈ অহা দলৰ সমাগম হব ।

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিগত কেইবছৰৰ দৰে এইবাৰো দীপৰ বিললৈ বনভোজ খাবলৈ অহা লোকক আদৰিবলৈ সাজু হৈছে বিলৰ কাষৰীয়া অগ্ৰণী সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন দেউচতাল নৱজ্যোতি সংঘ ।এই উপলক্ষে আজি দীপৰ বিলৰ পাৰত থকা ঐতিহাসিক শ্ৰী শ্ৰী ভাঙাৰা গোঁসাই থানৰ লগত থকা বনভোজথলীটো উদ্বোধন কৰা হয় । সংঘৰ কৰ্মকর্তা আৰু স্থানীয় বহুসংখ্যক লোকৰ উপস্থিতিত বনভোজথলী মুকলি কৰে বিশিষ্ট অভিনেতা চম্পক শৰ্মাই ।

এই উপলক্ষে সংঘৰ সভাপতি বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত চম্পক শৰ্মাই প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ দীপৰ বিলৰ পাৰৰ বনভোজথলীত সকলো লোকে নীতি নিয়ম মানি বনভোজ খোৱাৰ লগতে প্ৰকৃতিৰ সৈতে একাত্ম হব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত আজাৰা গাওঁ পঞ্চায়তৰ সদস্যদ্বয় হীৰেণ ইংতি আৰু দীনেশ বড়ো , সংঘৰ সম্পাদক বিজয় বড়ো , সমাজকৰ্মী ক্ৰমে কেষ্টৰাম ৰংপী , অশোক থাপা , টেগ বাহাদুৰ লিম্বু , দীপক বড়ো ( কুলি ) ৰতন টেৰণকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।

উল্লেখযোগ্য বনভোজথলীত সংঘৰ ফালৰ পৰা সকলো দলকে বিশুদ্ধ খোৱাপানী , বাহন ৰখাৰ বাবে পাকিং ব্যৱস্থা আদিৰ সা-সুবিধা উপলব্ধ কৰা হব । সমান্তৰালভাৱে চাফ চিকুণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ বাবে বনভোজ দল সমূহৰ পৰা ৰচিডৰ বিনিময়ত কিছু ধন মাচুল হিচাপে সংগ্ৰহ কৰা হব ।