ৰাজ্যজুৰি ইলোৰা বিজ্ঞান মঞ্চৰ ‘প্ৰতিবাদ দিৱস’ৰ প্ৰতি ব্যাপক সঁহাৰি
ষ্টাফৰিপৰ্টাৰ, ১ জুন : অসমৰ প্ৰাকৃতিক সম্পদ, দুষ্প্ৰাপ্য জীৱকুল, জৈৱ-বৈচিত্ৰ্য আৰু পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ দাবীত পহিলা জুনত সমগ্র ৰাজ্যজুৰি ইলোৰা বিজ্ঞান মঞ্চৰ শাখাসমূহে ‘প্ৰতিবাদ দিৱস’ পালন কৰে। মঞ্চৰ সভ্য-সমৰ্থকসকলে অত্যন্ত সুশৃংখলভাৱে শাৰীৰিক দূৰত্ব বজাই ৰাখি প্ৰতীকী ৰূপত পালন কৰা এই প্ৰতিবাদৰ প্ৰতি ৰাজ্যৰ জনসাধাৰণৰ সঁহাৰি আছিল যথেষ্ট উৎসাহজনক। মঞ্চই প্ৰকাশ কৰা এটা বিবৃতিত কয় “কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ অধীনৰ ‘নেচনেল ব’ৰ্ড ফৰ ৱাইল্ড লাইফ’ৰ অনুমোদন ক্ৰমে অসম-অৰুণাচলৰ সীমান্তত (ডিব্ৰুগড়-তিনিচুকীয়া জিলাৰ অন্তৰ্গত) অৱস্থিত দিহিং-পাটকাই অভয়াৰণ্য-বৰ্ষাৰণ্য তথা সংৰক্ষিত বনাঞ্চলৰ ভিতৰতে প্ৰস্তাৱিত চালেকি সংৰক্ষিত বনাঞ্চলৰ টিকক প্ৰকল্পত কয়লাৰ মুক্ত খননৰ অনুমতি প্ৰদানৰ সিদ্ধান্তক বিজ্ঞান মঞ্চই তীব্ৰ প্ৰতিবাদ কৰিছে আৰু এনে সিদ্ধান্ত অবিলম্বে প্ৰত্যাহাৰৰ দাবী জনাইছে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰালয়ে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্রীয় উদ্যানত হাইড্ৰ-কাৰ্বন সন্ধানৰ বাবে অইল ইণ্ডিয়া লিমিটেডক ‘ড্ৰিলিং’ৰ অনুমতি প্ৰদান কৰাতো মঞ্চই উদ্বেগ আৰু ক্ষোভ প্ৰকাশ কৰিছে। অসম চৰকাৰেও জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ সংৰক্ষিত বনাঞ্চলত কয়লাৰ মুক্ত খনন বা ‘ড্ৰিলিং’ৰ আপত্তি দৰ্শোৱাৰ সলনি সন্মতি প্ৰদান কৰাত মঞ্চই প্ৰকাশ কৰিছে আশ্চৰ্য।
অসম-অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্তী দিহিং-পাটকাইৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ছালেকিত ‘ক’ল ইণ্ডিয়া লিমিটেড’ৰ অন্যতম গোট ‘নৰ্থ-ইষ্টাৰ্ণ ক’ল ফিল্ড’ক মুক্ত খননৰ অনুমতি দিয়াত ৰাজ্যৰ ছাত্ৰ-যুৱ আৰু দল-সংগঠনবোৰৰ উপৰি বিভিন্ন প্ৰকৃতি আৰু পৰিৱেশপ্ৰেমী সংগঠনে প্ৰতিবাদ জনাই আছে। ৩১ মে’ত অসম চৰকাৰৰ বনমন্ত্ৰী আৰু উদ্যোগ বিভাগৰ মন্ত্ৰীয়ে সংবাদমেল অনুষ্ঠিত কৰি এই সংক্ৰান্তত প্ৰকাশ কৰা স্পষ্টীকৰণত ইলোৰা বিজ্ঞান মঞ্চ তথা প্ৰতিবাদী দল-সংগঠনবোৰ পতিয়ন যাব পৰা নাই। মন্ত্রী দুগৰাকীয়ে আভুৱা ভাৰা কথাৰে ৰাইজক বিভ্ৰান্তহে কৰিছে। দৰাচলতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ আপুৰুগীয়া বনজ সম্পদ লুণ্ঠন, জৈৱ-বৈচিত্ৰ্য তথা পাৰিপাৰ্শ্বিকতা ধ্বংস আৰু প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰি ৰাজ্যৰ জনসাধাৰণক বিপদৰ মুখলৈ ঠেলি দিয়াৰ পথহে প্ৰশস্ত কৰিছে বুলি বিজ্ঞান মঞ্চৰ বিবৃতিটোত উল্লেখ কৰা হয়।
উল্লেখ্য দিহিং-পাটকাই অভয়াৰণ্য আৰু হস্তী ৰিজাৰ্ভৰ ভিতৰতে থকা বন্যপ্ৰাণীৰ সংৰক্ষিত বনাঞ্চল খনত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেও আৰু শিৱসাগৰ জিলাৰ অন্তৰ্গত এলেকাত বৰ্ষাৰণ্য আৰু অন্যান্য সংৰক্ষিত বনাঞ্চল আছে। তদুপৰি, চীন দেশীয় বনৰৌ, বৰ বাদুলি, বনৰীয়া গাহৰি, দীঘল শিঙিয়া হৰিণ, সোগোৰা পহু, হিমালয়ৰ পৰ্বতীয়া ছাগলী, মেঠোন, মালয় দেশীয় ডাঙৰ কেৰ্কেটুৱাৰ দৰে দুষ্প্ৰাপ্য প্ৰজাতিৰ জীৱকুলৰ উপৰি দিহিং-পাটকাইৰ সংৰক্ষিত বনাঞ্চল খন দেশৰ একমাত্ৰ সংৰক্ষিত বন্যপ্ৰাণীৰ অভয়াৰণ্য যিখন সোণালী মেকুৰী, নাহৰফুটুকী আৰু লতামাকৰি বাঘ, দীঘল নেজীয়া মেকুৰী, প্ৰভৃতি বিভিন্ন বনৰীয়া মেকুৰী প্ৰজাতিৰ জন্তুৰ বসতিস্থল। বনাঞ্চলখন দুৰ্লভ প্ৰজাতিৰ উদ্ভিদকুলেৰেও পৰিপূৰ্ণ। আনহাতে অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটো বনৰীয়া হাতীৰ মুক্ত বিচৰণ ভূমি। দিহিং-পাটকাইৰ সৈতে সংলগ্ন হৈ আছে অৰুণাচল প্ৰদেশৰ দেওমালীৰ হস্তী ৰিজাৰ্ভ।
বিজ্ঞান মঞ্চৰ সুচিন্তিত অভিমত হ’ল, কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ শেহতীয়া নীতি আৰু ৰাজ্য চৰকাৰৰ সমৰ্থনৰ ফলত অঞ্চলটোত নিশ্চিতভাৱে জৈৱ-বৈচিত্ৰ্য আৰু প্ৰাকৃতিক পৰিবেশ ধ্বংস তথা পাৰিপাৰ্শ্বিকতা বিপন্ন হ’ব, খনন কাৰ্যৰ দাঁতিকাষৰীয়া জনবসতিপূৰ্ণ অঞ্চলবোৰত অনিবাৰ্যভাৱেই বাঢ়ি যাব প্ৰদূষণ আৰু জনস্বাস্থ্যৰ ওপৰতো পৰিব বিৰূপ প্ৰভাৱ। হস্তী ৰিজাৰ্ভ ক্ষতিগ্ৰস্ত হোৱাৰ লগে লগে হাতী আৰু মানুহৰ সংঘাতো অধিক তীব্রতৰ হ’ব। ক’ল ইণ্ডিয়া লিমিটেডে ইতিপূৰ্বে অঞ্চলটোত কয়লাৰ মুক্ত খনন চলোৱাৰ সময়ত বহু নিয়ম-নীতি আৰু বন আইন ভংগ কৰি পৰিবেশ বিনষ্ট তথা প্ৰাকৃতিক সম্পদ অপব্যৱহাৰ কৰাৰ উদাহৰণ আছে। ইপিনে ক’ল ইণ্ডিয়াক খননৰ অনুমতি দিয়াৰ সুযোগ লৈ কয়লা মাফিয়া আৰু কয়লা ব্যৱসায়ীৰ চক্ৰটোৱে অবৈধভাৱে খনন কাৰ্যত জড়িত হৈ ক’লা সোণৰ অবাধ লুণ্ঠন চলাই থাকে। অসমৰ বন বিভাগৰ উচ্চপদস্থ বিষয়া তথা ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাতে কয়লা ব্যৱসায়ী আৰু মাফিয়াৰ চক্ৰটোয়ে অবৈধ খনন আৰু প্ৰাকৃতিক সম্পদৰাজিৰ লুণ্ঠন চলায়। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ নীতি আৰু ৰাজ্য চৰকাৰৰ সমৰ্থনৰ ফলত অবৈধ খনন তথা লুণ্ঠন অনিবাৰ্যভাৱেই বাঢ়ি যাব আৰু ক্ষতিগ্ৰস্ত হ’ব অসম তথা অসমৰ জনগণ।
সেয়ে সোমবাৰে গুৱাহাটীত ইলোৰা বিজ্ঞান মঞ্চই আহ্বান জনোৱা প্ৰতিবাদ দিৱসৰ প্ৰতি সঁহাৰি জনাই মহানগৰ খনৰ গুৱাহাটী ক্লাব বাছ আস্থান, ছয়মাইলৰ পাঞ্জাবাৰী উদ্যান, বশিষ্ট চাৰিআলি আৰু আদাবাৰী বাছ আস্থানত মঞ্চৰ সভ্য-সমৰ্থকসকলে হাতে হাতে দাবী সম্বলিত প্লেকাৰ্ড আদি লৈ প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে উজনি অসমৰ তিনিচুকীয়া, ডুমডুমা, ডিব্ৰুগড়, যোৰহাট আৰু শিৱসাগৰ, মধ্য অসমৰ নগাঁও, তেজপুৰ, বিশ্বনাথ চাৰিআলি, জাগীৰোড আদিত ভালেসংখ্যক লোক ৰাজপথলৈ ওলাই মুখত মাস্ক পিন্ধি আৰু শাৰীৰিক দূৰত্ব অটুট ৰাখি দাবী দিৱস পালন কৰে। মঙলদৈ চহৰৰ তিনি ঠাইত প্ৰতিবাদ সাব্যস্ত কৰা হয়। নামনি অসমৰ ৰঙিয়া, নলবাৰী জিলাৰ ঘগ্ৰাপাৰ, মুকালমুৱা, ককয়া আৰু টিহু টাউন, পাঠশালাৰ দুঠাইত, বৰপেটা ৰোড, সৰভোগ আদিৰ উপৰি দক্ষিণ পাৰৰ মিৰ্জা, বকো আৰু গোৱালপাৰা চহৰত আজিৰ দাবী দিৱসত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য বকো, গোৱালপাৰা, যোৰহাট আদি ঠাইত প্ৰৱল বৃষ্টি নেওচি প্ৰতিবাদ কাৰীসকল ঘৰৰ বাহিৰলৈ আহে আৰু ৰাজহুৱা স্থানত প্ৰতিবাদত ভাগ লয়।ইলোৰা বিজ্ঞান মঞ্চই আজিৰ প্ৰতিবাদ দিৱস সফল কৰাৰ বাবে মঞ্চৰ শাখাসমূহ আৰু ৰাজ্যৰ পৰিৱেশপ্ৰেমী জনসাধাৰণলৈ অভিনন্দন জনায়।