ডিব্ৰুগড় জিলাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত কাঠৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত ৪ জনক আটক কৰে বন বিষয়াই।
ধৃত চোৰাং ব্যৱসায়ীকেইজনক বাবুল নিৰ্মোলিয়া, জিকিৰ ওৰাং, সবিত শৰ্মা আৰু তোসেন বৰা বুলি চিনাক্ত কৰা হৈছে।
বাতৰি অনুসৰি, ধৃত লোক কেইজনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় উদ্যানত গছ কাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
বন বিভাগে অভিযানৰ সময়ত লোক কেইজনৰ পৰা যথেষ্ট পৰিমাণৰ বেআইনীভাৱে চপোৱা কাঠ, লগতে গছ কটা সঁজুলি উদ্ধাৰ কৰে।
উল্লেখ কৰিব পাৰি যে কিছুমান ৰাজনৈতিক কৰ্তৃপক্ষৰ সহায়ত দিহিং পাটকাইত কাঠ সৰবৰাহকাৰী সকলে কাম কৰি আছে।
