দিশপুৰ মহাবিদ্যালয়ত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সমাৰোহত বিভিন্ন দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

280

অসমৰ উচ্চ শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান দিশপুৰ মহাবিদ্যালয়ত সোমবাৰে বর্ণাঢ্য কাৰ্যসূচীৰে দক্ষিণ- পূব এছিয়া সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰা হয়। দিশপুৰ মহাবিদ্যালয়ৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দক্ষিণ-পূৱ এছিয়া অধ্যয়ন কেন্দ্ৰৰ সৌজন্যত আৰু নৰ্থ ইষ্ট আশীৰ্বাদ ফাউণ্ডেশ্যনৰ সহযোগত আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱজ্যোতি বৰাকে প্ৰমুখ্য কৰি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰীৰ আয়ুক্ত -সচিব ৰঞ্জন শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আৰু ডীন ড° জয়ন্ত কৃষ্ণ শৰ্মা, জিনা ৰাজকুমাৰী, থাইলেণ্ডৰ মাহাচাৰাখাম বিশ্ববিদ্যালয়ৰ ড° কেৰিন খোমচি, ড° ৱাৰাপৰম চেৰ্ডচু, ইণ্ডোনেছিয়াৰ জ্যেষ্ঠ নৃত্য সঞ্চালক ড° মেথিউছ ৱাচি বাণ্টোলো, নেপালৰ কাঠমাণ্ডুৰ জ্যেষ্ঠ সাংবাদিক বিভু প্রকাশ কায়স্থ ইত্যাদি। ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° সঞ্জীৱ কুমাৰ শৰ্মাই পৰিচালনা আৰু আঁতধৰা অনুষ্ঠানটোত উদ্বোধনী ভাষণ প্রদান কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড°নৱজ্যোতি বৰাই দক্ষিণ-পূৱ এছিয়াৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ কথা উল্লেখ কৰি কয় যে এই সামঞ্জস্যতাসমূহে সাংস্কৃতিক মূল্যবোধ আৰু ধাৰণা, গঠন আৰু শিল্পকর্ম, ভাষা আৰু সাহিত্য, পৰম্পৰাগত কলা আৰ স্থাপত্য, পৰিবেশ কলা আদিৰ মাজত সমাহৰণ ঘটাই দেশখনক বাৰেৰহনীয়া সংস্কৃতিৰ মিলনভূমিৰূপে গঢ়ি তোলাৰ লগতে অনৈক্যৰ মাজত ঐক্যৰ সৃষ্টি কৰে। বিশিষ্ট অতিথি ৰঞ্জন শৰ্মাই দিশপুৰ মহাবিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দক্ষিণ-পূৱ এছিয়া অধ্যয়ন কেন্দ্ৰ আৰু নৰ্থ ইষ্ট আশীর্বাদ ফাউণ্ডেশ্যনক ধন্যবাদ জনাই কামাখ্যা দেৱী আৰু শংকৰদেৱৰ ভূমি উত্তৰ পূৰ্বাঞ্চলৰ বাৰেৰহনীয়া সংস্কৃতিৰ কথা উল্লেখ কৰাৰ লগতে এক্ট-ইষ্ট পলিচিৰ দ্বাৰা দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ মাজত সংযোগ হোৱা আর্থ-সামাজিক, সাংস্কৃতিক আৰু পৰ্যটন ৰ সু-সম্পর্ক বৃদ্ধিৰ কথা ব্যক্ত কৰে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক জয়ন্ত কৃষ্ণ শৰ্মাই এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় সমাৰোহে জনগণৰ মাজত সম্পর্ক স্থাপন কৰাৰ কথা উল্লেখ কৰি দক্ষিণ-পূৱ এছিয়াৰ লগত ভাৰতৰ সম্পৰ্কৰ কথা ৰামায়ণ অযোধ্যা আদিৰ উদাহৰণৰ দ্বাৰা প্ৰকাশ কৰে। দিশপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড° সুনিতা আগৰৱালাই শলাগৰ শৰাই জ্ঞাপন কৰি উদ্বোধনী অনুষ্ঠানৰ সামৰণি পেলোৱাৰ পাছতেই সাংস্কৃতিক বিনিময় কার্যসূচী অনুষ্ঠিত হয়, য’ত ভ্রমণকাৰী দেশ থাইলেণ্ড, ইণ্ডোনেছিয়া, ম্যানমাৰ, লাওছ, মালয়েছিয়া, ভিয়েটনামৰ লগতে আমেৰিকা, নেপাল, বাংলাদেশ ইত্যাদিৰ প্ৰতিনিধিয়ে তেওঁলোকৰ চহকী পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্যক চিত্ৰিত কৰ। ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা, ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰা সাংস্কৃতিক সমাৰোহত দিশপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও উত্তৰ-পূৰ্বাঞ্চলৰ বাৰেৰহনীয়া জাতি-জনগোষ্ঠীৰ নৃত্য-গীত, বিহু-হুঁচৰি, বড়ো নৃত্য, গায়ন-বায়ন, ভোৰতাল আদি প্ৰদৰ্শন কৰাৰ লগতে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্রী নিবেদিতা বৈশ্যই ভূপেন্দ্র সংগীত পৰিৱেশন কৰে। বিভিন্ন দেশৰ বিভিন্ন জাতিৰ সাংস্কৃতিক সমাহৰণ ঘটা আন্তঃৰাষ্ট্ৰীয় সমাৰোহৰ ৰাষ্ট্ৰীয় সংগীতেৰে সফল সমাপ্তি ঘটে।