দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ত্ৰিৰংগাক অপমান কৰাৰ অভিযোগ

94

কোৰোনাতংকৰ মাজতে এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ত্ৰিৰংগাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি দিল্লীৰ উপ ৰাজ্যপাললৈ প্ৰেৰণ কৰা এখন পত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সংবাদ মেল সম্বোধন কৰাৰ সময়ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ পিছফালে এখন ত্ৰিৰংগা আঁৰি থৈছিল। কিন্তু সেই পতাকাখন শুদ্ধ পদ্ধতিত আঁৰি থোৱা নাছিল। এয়া ত্ৰিৰংগাৰ প্ৰতি কৰা অপমান বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে ইয়াৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপ ৰাজ্যপালৰ ওচৰত দাবী জনায়।