দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই আজি অভিযোগ কৰে যে “বিজেপিৰ গুণ্ডাসকলে” মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত আক্ৰমণ কৰে আৰু চিচিটিভি কেমেৰা ভাঙি পেলায়। তেওঁ অভিযোগ কৰে যে আৰক্ষীয়ে তেওঁলোকক বাধা দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ লৈ যায়।
চিছোদিয়াই কয়, “বিজেপিৰ গুণ্ডসকলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত আক্ৰমণ চলায়। তেওঁলোকক বাধা দিয়াৰ পৰিৱৰ্তে, বিজেপি আৰক্ষীয়ে তেওঁলোকক ঘৰৰ দুৱাৰলৈ লৈহে আহে।” তেওঁ দাবী কৰে যে অসামাজিক উপাদানসমূহে কেজৰিৱালৰ বাসগৃহত ৰখা চিচিটিভি কেমেৰা, নিৰাপত্তা প্ৰতিবন্ধকতা আৰু বুম বেৰিয়াৰ ভাঙিছে।
তেওঁ অভিযোগ কৰে যে বিজেপিয়ে অৰবিন্দ কেজৰিৱালক হত্যা কৰিব বিচাৰে কিয়নো গেৰুৱা দলটোৱে পঞ্জাৱত আপৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল। “আপৰ বিজয় আৰু পঞ্জাৱত বিজেপিৰ পৰাজয়ৰ বাবে বিজেপিয়ে অৰবিন্দ কেজৰিৱালক হত্যা কৰিব বিচাৰে। বিজেপিৰ গুণ্ডাসকলক আৰক্ষীয়ে ইচ্ছাকৃতভাৱে মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহলৈ লৈ গৈছিল। তেওঁলোকে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত থকা চিচিটিভি কেমেৰা আৰু বেৰিয়াৰ সমূহ ভাঙি পেলায়।” চিছোদিয়াই কয়।