দিল্লীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া বিমান যাত্ৰীৰ মাজত হাহাকাৰ।
এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ যাত্ৰা বিলম্ব হোৱাক লৈ যাত্ৰীৰ হাহাকাৰ।
পুৱা ৭.২০ বজাত দিল্লী বিমানবন্দৰৰ পৰা যাত্ৰা কৰিবলগীয়া আছিল বিমানখন।
বিয়লি ২ বজাতহে বিমানখনে যাত্ৰা কৰিব বুলি যাত্ৰীসকলক জনায় কৰ্তৃপক্ষই।
বিমানখনত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।
আন কেইবাগৰাকীও বিজেপি নেতা আছিল গুৱাহাটীমুখী বিমানখনত।
এতিয়াও বিমানখনৰ ভিতৰতে আছে গুৱাহাটী অভিমুখী আন যাত্ৰীসকল।