দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ বাসগৃহত বিজেপিৰ গুণ্ডা বাহিনীৰ আক্ৰমণ: অভিযোগ আপৰ

62

ডিজিটেল ডেস্ক: দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীশ চিছ’ডিয়াৰ বাসগৃহত বিজেপিৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টিয়ে। কিন্তু, দিল্লী বিজেপিয়ে এই অভিযোগ প্ৰত্যাখ্যান কৰি কয় যে তেওঁলোকে এক শান্তিপূৰ্ণ প্ৰতিবাদহে কৰি আছিল চিছ’ডিয়াৰ বাসগৃহৰ সমীপত। দৰাচলতে বিজেপি শাসিত পৌৰ নিগমৰ নেতা আৰু মেয়ৰসকলক গৰিহনা প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে আৰু কেজৰিৱাল চৰকাৰৰ পৰা বকেয়া ধন পৰিশোধৰ দাবীত অনিৰ্দিষ্টকালীন ধৰ্মঘট ৰূপায়ন কৰিছিল বিজেপিয়ে।

আপৰ মুখপাত্ৰ সৌৰভ ভৰদ্বাজে এক প্ৰেছ সন্মিলনত অভিযোগ কৰে যে বিজেপিৰ গুণ্ডা বাহিনীয়ে যেতিয়া উপ মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ কৰিছিল তেতিয়া আৰক্ষীয়ে বাধা প্ৰদান কৰা নাছিল। তেওঁ চিছ’দিয়াৰ বাসগৃহৰ বাহিৰত থকা এটা চিচি টিভি ফুটেজো প্ৰকাশ কৰে। যত একাংশ লোকে উপ মুখ্যমন্ত্ৰীৰ বাসগৃহত প্ৰৱেশ কৰাৰ চেষ্টা চলাই থকা দেখা পোৱা গৈছে।