দিল্লী অভিমুখে ৰাওনা অগপৰ নেতৃত্ব । আগন্তক বিধানসভা নিৰ্বাচন বিজেপি অগপ মিত্ৰজোটৰ আসন বুজাবুজিৰ বাবে আজি অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ অগপ নেতা ফানীভূষণ চৌধুৰী, ৰাজ্যসভাৰ অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই দিল্লীলৈ ৰাওনা হয়।
দিল্লীত বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হব। এই বৈঠকতে অগপৰ আসনৰ সংখ্যা চুড়ান্ত কৰা হব। ইফালে অগপৰ নেতা মনোজ শইকীয়াই এইবাৰ অগপই অধিক আসনত প্ৰতিদ্বন্দিতা কৰিব বুলি সংবাদমাধ্যমৰ আগত সদৰী কৰে।
