শ্বাহৰুখ খানৰ এন জি অ’ মীৰ ফাউণ্ডেচনে দিল্লীত গাড়ীৰ তলত টানি নিয়াৰ ফলত মৃত্যু হোৱা ২০ বছৰীয়া যুৱতী অঞ্জলি সিঙৰ পৰিয়াললৈ অজ্ঞাত ধনৰ অনুদান আগবঢ়োৱা বুলি জানিব পৰা গৈছে।
এক সূত্ৰৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে অঞ্জলিয়েই আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী।
অঞ্জলিৰ ভাই-ভনীক সকাহ দিয়াৰ লগতে পৰিয়ালটোক, বিশেষকৈ মাতৃগৰাকীক স্বাস্থ্যজনিত সমস্যাত সহায় কৰাটোৱেই এই সাহায্যৰ লক্ষ্য।
