দিল্লীত নাই লকডাউনৰ সম্ভাৱনাঃ স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে

68

দেশত পুনৰ ভয়াবহ হৈ পৰিছে কোভিড সংক্ৰমণ। বিশেষকৈ ৰাজধানী দিল্লীত কোৰোনাৰ চতুৰ্থ লহৰে পুনৰ এবাৰ আতংকিত কৰিছে সকলোকে। এনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিল্লী চৰকাৰো কঠোৰ হোৱা পৰিলক্ষিত হৈছে।

ৰাজ্যখনৰ বাছ আস্থান, ৰে’লৱে ষ্টেছন আদিত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হোৱাৰ লগতে সদ্যহতে বন্ধ কৰা হৈছে সকলো ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান। আনহাতে কোৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে পুনৰ লকডাউন ঘোষণা কৰিব বুলি চৰ্চা চলাৰ মাজতে আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে স্পষ্ট কৰে যে এই মুহূৰ্তত দিল্লীত লকাডাউনৰ কোনো সম্ভাৱনা নাই। কোৰোনা প্ৰতিৰোধৰ বাবে চৰকাৰ আৰু জনতা সকলোৱে একেলগে আগবাঢ়িব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।