দিল্লীত চলিছে ‘অপাৰেশ্যন লোটাছ’! আপ চৰকাৰ উফৰাবলৈ আৰম্ভ বিজেপিৰ ষড়যন্ত্ৰ- অভিযোগ কেজৰিৱালৰ

288

বিহাৰৰ পিছত দিল্লী! “অপাৰেচন লোটাছ” চলাই দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰ উফৰাই পেলোৱাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে বিজেপিয়ে। গেৰুৱা শিবিৰে আপৰ বিধায়কক দল সলনি কৰিবলৈ বিপুল পৰিমাণৰ ধন দিছে। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে এনে অভিযোগ উত্থাপন কৰে।

আবকাৰী দুৰ্নীতিৰ গোচৰত কেজৰিৱালক কেইবাবাৰো চমন কৰিছে বলবৎকাৰী সঞ্চালকালয়ে। প্ৰতিবাৰেই ইডি অফিচত উপস্থিত হোৱাৰ পৰা বিৰত আছে কেজৰিৱাল। এই বিষয়টোক আহিলা হিচাপে ব্যৱহাৰ কৰি বিজেপিয়ে আপৰ বিধায়কসকলক দল সলনি কৰিবলৈ ২৫ কোটি টকাকৈ ঘোচ দিয়া বুলি অভিযোগ কৰিছে কেজৰিৱালে। এনে অভিযোগ উত্থাপন কৰি কেজৰিৱালে শনিবাৰে এক্স হেণ্ডেলত লিখিছে, “শেহতীয়াকৈ বিজেপিয়ে দিল্লীত থকা আমাৰ ৭ জন বিধায়কৰ সৈতে যোগাযোগ কৰি কয় যে কেইদিনমানৰ পিছত কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ’ব। ইয়াৰ পিছত বিধায়কসকল ভংগ হ’ব। দিল্লীত ভংগ হ’ব আপ চৰকাৰ। আপুনিও ইচ্ছা কৰিলে আমাৰ দলত যোগদান কৰিব পাৰে। আমি ২৫ কোটি টকা দিম বিজেপিৰ টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। বিজেপিয়ে দাবী কৰিছে যে তেওঁলোকে ২১ জন বিধায়কৰ সৈতে যোগাযোগ কৰিছে। কিন্তু আমাৰ তথ্য অনুসৰি তেওঁলোকে এতিয়ালৈকে মাত্ৰ ৭ জন বিধায়কৰ সৈতে যোগাযোগ কৰিছে। বাকীসকলে লগ হ’বলৈ অস্বীকাৰ কৰিলে।”

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘দিল্লীত আমাৰ চৰকাৰ ভাঙিবলৈ বিজেপিয়ে ষড়যন্ত্ৰ কৰিছে। আমাৰ বিৰুদ্ধে যুঁজিবলৈ গেৰুৱা শিবিৰৰ শক্তি নাই। কোনো আবকাৰী দুৰ্নীতিৰ গোচৰত মোক গ্ৰেপ্তাৰ কৰা নহ’ব। কিন্তু তেওঁলোকে আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব। যোৱা ৯ বছৰত বহুবাৰ এই চেষ্টা কৰিছে। কিন্তু কোনো লাভ নহ’ল। ভগৱানে জানে, দিল্লীৰ জনসাধাৰণে জানে আমি তেওঁলোকৰ বাবে কি কৰিছো। সকলোৱে আমাৰ লগত আছে। আমাৰ বিধায়কসকলো একত্ৰিত। গতিকে ভুৱা আবকাৰী দুৰ্নীতিত আমাক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰিছে। এইবাৰো বিজেপিৰ এই কু অভিসন্ধি সফল নহ’ব।”