দিল্লীত গ্ৰেপ্তাৰ ভুৱা CBI বিষয়া; পত্নীয়ে দিছিল অভিযোগ

75

ডিজিটেল ডেস্কঃ দিল্লীৰ এখন পঞ্চতাৰকা হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ভুৱা চিবিআইক। নিজকে চিবিআইৰ এচিষ্টেণ্ট ডিৰেক্টৰ বুলি পৰিচয় দিয়া শুভজিত বেনাৰ্জী নামৰ লোকজনক পত্নীৰ অভিযোগৰ ভিত্তিত অভিযান চলাই দিল্লীত গ্ৰেপ্তাৰ কৰে কলকতা আৰক্ষীয়ে। সোমবাৰে ভুৱা চিবিআই বিষয়া শুভজিত বেনাৰ্জীক দিল্লীৰ আদালতত হাজিৰ কৰা হয়। তাৰ পিছতে ট্ৰাণজিত ৰিমাণ্ডত দিল্লীৰ পৰা হাওৰালৈ লৈ অনা হব ভুৱা চিবিআই বিষয়াজনক।

জানিব পৰা মতে, প্ৰেমসূত্ৰে বিবাহ পাশত আবদ্ধ হোৱা শুভজিতৰ পত্নীক আৰম্ভণিৰ পৰাই নিজৰ পেছা সম্পৰ্কে মিছা মাতি আহিছিল লোকজনে। লগত চিবিআইৰ ভুৱা আই-কাৰ্ড লৈ ফুৰা শুভজিত বেনাৰ্জীৰ প্ৰকৃত স্বৰূপ কিছুদিন পূৰ্বে পত্নীৰ চকুৰ সন্মুখলৈ আহে। তাৰ পিছতে স্বামীৰ বিৰুদ্ধে কলকতা আৰক্ষীক এজাহাৰ দাখিল কৰে তেওঁ। আৰু অৱশেষত আৰক্ষীয়ে শুভজিত বেনাৰ্জীৰ মোবাইল নম্বৰ ট্ৰেছ কৰি দিল্লীৰ এখন পঞ্চতাৰকা হোটেলৰ কোঠাৰ পৰা শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ভুৱা চিবিআই বিষয়াজনক।

আৰক্ষীয়ে সদৰী কৰা মতে, চিবিআইৰ ভুৱা পৰিচয় প্ৰদানেৰে বহুতৰে পৰা ধন সংগ্ৰহ কৰি আহিছিল শুভজিত বেনাৰ্জীয়ে। শেহতীয়াকৈ বিহাৰৰ এজন লোককো নিজৰ বে-আইনী কাম-কাজত অংশীদাৰ কৰি লৈছিল এইজন লোকে।