দিল্লীত অসমৰ মহিলাৰ মৃতদেহ উদ্ধাৰ

297

সোমবাৰে নিশা দিল্লীৰ এটা ঘৰৰ পৰা উদ্ধাৰ কৰা হয় অসমৰ এগৰাকী মহিলাৰ মৃতদেহ।

মৃত মহিলা গৰাকী অসমৰ গোলাঘাটৰ ধনশিৰি মহকুমাৰ বচাপথাৰৰ বাসিন্দা পিংকি বড়ো বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি, মহিলাগৰাকীয়ে ৰাষ্ট্ৰীয় ৰাজধানীৰ এটা ফাৰ্মত কৰ্মৰত আছিল।

ইফালে, আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

তেওঁৰ মৃত্যুৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।