দিপাৱলীৰ পূৰ্বে সকাহ: হ্ৰাস পাইছে কোভিড সংক্ৰমণ

82

ডিজিটেল ডেস্কঃ দেৱালীৰ প্ৰাকক্ষণত দেশৰ কোভিড সংক্ৰমণৰ হাৰে কিছু সকাহ দিছে দেশবাসীক। সোমবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১২,৫১৪ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। দেশত মুঠ কৰোনা পীড়িতৰ সংখ্যা হৈছে ৩৪.২ ৮৫ লাখ ৮১৪ জন। আনহাতে দেশত কোভিডৰ মৃত্যুৰ সংখ্যা দেওবাৰৰ তুলনাত কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দেশত যোৱা ২৪ ঘণ্টাত ২৫১ জন লোকে প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে, দেশখনত ৪৫৮,৪৩৭ জন লোকৰ কোভিডৰ ফলত মৃত্যু ঘটিছে। আনফালে বিগত ২৪ ঘণ্টাত দেশত ১২, ৭১৮ জন লোক কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে। এতিয়ালৈকে দেশত মুঠ ৩৩.৬৬ নিযুত ৫৬০ জন লোক কৰোনাৰ পৰা আৰোগ্য হৈছে।

সক্ৰিয় কৰোনা পীড়িতৰ সংখ্যাত যথেষ্ট উন্নতি। স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদনৰ ওপৰত আধাৰিত কৰি, সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা এতিয়া ০.৪৬ শতাংশলৈ হ্ৰাস পাইছে। এই মুহূৰ্তত, দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা আৰু হ্ৰাস হৈ ১৫৮,৮১৭ জন হৈছে। সেয়া কালিৰ তুলনাত ৪৫৫ জন কম।

আনহাতে কিছু বিশেষজ্ঞই আশংকা কৰা মতে সংক্ৰমণৰ গ্ৰাফ হ্ৰাস হ’লেও, অলপ অসাৱধানতাই পুনৰ এক ডাঙৰ বিপদৰ সৃষ্টি কৰিব পাৰে। আনকি তৃতীয় ঢৌৰ প্ৰভাৱৰ ভয়ও এতিয়াও সম্পূৰ্ণৰূপে নাইকিয়া হোৱা নাই।