দিনজান সেনা চাউনীৰ জোৱানৰ বিৰুদ্ধে মহিলাক অশালীন ব্যৱহাৰৰ অভিযোগ

65

তিনিচুকীয়াঃ নাৰী ক’ত সুৰক্ষিত? হাথৰস কাণ্ডই দেশ তোলপাৰ লগাই আছে। তাৰ পিছতো দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে নাৰী নিৰ্যাতনৰ ঘটনা। আনকি আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত নিৰ্যাতনৰ অভিযোগেও চিন্তিত কৰি তুলিছে সকলোকে। তাৰ মাজতে এইবাৰ ভাৰতীয় সেনা জোৱানৰ বিৰুদ্ধে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিলে এগৰাকী মহিলা তথা তেওঁৰ পৰিয়ালে।

তিনিচুকীয়াৰ দিনজান সেনা চাউনীৰ এগৰাকী সেনা জোৱানৰ বিৰুদ্ধে মঙলবাৰে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ তোলে এগৰাকী মহিলাই। মহিলাগৰাকীৰ অভিযোগ মতে স্থানীয় এখন দোকানত বস্তু ক্ৰয় কৰিবলৈ অহাৰ সময়ত সেনা জোৱানজনে মহিলাগৰাকীক অশালীন ব্যৱহাৰ কৰিছিল।

ইফালে এই ঘটনা সন্দৰ্ভত সেনা জোৱানজনৰ বিৰুদ্ধে তিনিচুকীয়া সদৰ থানাত গোচৰ দাখিল কৰিছে মহিলাগৰাকীৰ বিৰুদ্ধে। নাৰী সুৰক্ষাৰ কথা কোৱা চৰকাৰৰ কালত এনেদৰে এগৰাকী মহিলাক সেনা জোৱানেই অশালীন ব্যৱাহৰ কৰা কাৰ্যক লৈ এতিয়া সমগ্ৰ দিনজান অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।