দিছপুৰত পুনৰ চুৰি! এইবাৰ চোৰে লৈ গল বিধায়ক সুৰেন ফুকনৰ চাইকেল

73

পুনৰ চুৰি কাণ্ড সংঘটিত হল ৰাজধানীৰ বিধায়ক আবাসত। এইবাৰ চোৰে চুৰি কৰি লৈ গল বিধায়ক সুৰেন ফুকনৰ পুত্ৰৰ চাইকেল। জানিব পৰা মতে, তিনিদিন পূৰ্বে বিধায়ক সুৰেন ফুকনে পুত্ৰৰ বাবে এখন চাইকেল ক্ৰয় কৰি আনিছিল। কিন্তু মাত্ৰ মঙ্গলবাৰে নিশা চোৰে তেওঁৰ বিধায়ক আবাসগৃহৰ পৰাই চুৰি কৰি লৈ যায় চাইকেলখন।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মাত্ৰ কিছুদিন পূৰ্বে বিধায়ক মৃণাল শইকীয়াৰো বিধায়কৰ আবাস গৃহৰ পৰা চোৰে চুৰি কৰি নিছিল চাইকেল। তাৰ পূৰ্বে বিধায়ক ফনীভূষণ চৌধুৰীৰ ইনোভা বাহন খন চুৰি কৰিছিল চোৰে।