ষ্টাফৰিপৰ্টাৰ : বাংলা ভাষাৰ ৱেব পোৰ্টেল নয়া ঠাহৰ গোষ্ঠীৰ উদ্যোগত মঙলবাৰে দিছপুৰ প্ৰেছ ক্লাৱত “কৰ’না” শীর্ষক গ্ৰহখন উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট চিকিৎসক, পদ্মশ্ৰী ইলিয়াছ আলিয়ে। উন্মোচনী ভাষণত তেওঁ কয় ” জন বিস্ফোৰণ, জল সংকট, জলবায়ু প্ৰদূষণ আদি কৰ’নাৰ দৰে ৰোগৰ অন্যতম কাৰণ। এই ৰোগ সম্পৰ্কে মানুহক সজাগ সচেতন কৰাৰ প্ৰয়োজন আছে। ৰাইজ সজাগ নহলে ইয়াৰ পৰা পৰিত্ৰাণ পোৱা কঠিন হ’ব। ৰাইজে এই মহামাৰীৰ ভয়াবহতাৰ পৰা উচিত শিক্ষা লোৱা উচিত। লগতে নিজৰ জীৱন শৈলী কিছু পৰিমাণে পৰিবৰ্তন কৰা উচিত। এই গ্ৰন্থখনৰ জৰিয়তে ৰাইজ উপকৃত হ’ব পাৰিব।” এই গ্ৰন্থখন সম্পাদনা কৰিছে
বাংলা ভাষাৰ ৱেব পোৰ্টেল নয়া ঠাহৰৰ মুখ্য সম্পাদক অমল গুপ্তই। সভাত দিছপুৰ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে গ্ৰন্থখন সম্পৰ্কে চমু বক্তব্য আগবঢ়ায়। এই গ্ৰন্থখন সম্পৰ্কে মঙলবাৰে সন্ধিয়া সামাজিক মাধ্যম ফেচবুক যোগে আলোচনা কৰা হয় বুলি জনায় লামডিঙিৰ সামাজিক সাংস্কৃতিক মহিলা সংগঠন নন্দিনীৰ বিষয় ববীয়া জয়শ্ৰী আচাৰ্যই। এই সভাত বিক্ৰমজিত দে, পিয়ালী ঘোষ দে আদি উপস্থিত থাকে।