দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত মহানগৰীৰৰ ডেৰ শতাধিক সাংবাদিক – সৎবাদকৰ্মীক খাদ্য -সামগ্ৰীৰ টোপলা বিতৰণ

84

ষ্টাফ ৰিপোৰ্টাৰ, ২৪ এপ্ৰিল : সাম্প্ৰতিক পৰিবেশ – পৰিস্থিতিত প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহত ভীষণ অসুবিধাৰ সন্মুখীন মহানগৰীত কৰ্মৰত ডেৰ শতাধিক সাংবাদিক – সংবাদকৰ্মীৰ মাজত শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত অত্যাৱশ্যকীয় খাদ্য – সামগীৰ টোপলা বিতৰণ কৰা হ’য় । দিছপুৰ প্ৰেছ ক্লাবক এই খাদ্য – সামগ্ৰীৰ টোপালা সমুহ যোগান ধৰে অসম সংখ্যালঘু উন্নয়ণ বোৰ্ডৰ অধ্যক্ষ মমিনূল আৱাল আৰু হেল্পিঙ আছাম গোটৰ উদ্যোগত কাহিলিপাৰাৰ এছিয়ান ইনষ্টিটিউট অৱ পেৰামেডিকেল চায়েঞ্চ ৰ সহযোগত বিদ্যুৎ মজুমদাৰ , ৰাক্ষিক ডেকা ,অসীম ডেকা , ভিক্টৰ শইকীয়া , কংকনা উজা , সৌৰভ শৰ্মাই । উল্লেখ্য অসমৰ বিভিন্ন স্থানত কৰ্মৰত আৰ্থিক ভালে স্বচ্ছল নোহৱা সাংবাদিক – সংবাদকৰ্মীক সহায় কৰাৰ বাবে দল – সংগঠনক আগবাঢ়ি আহিবলৈ দিছপুৰ প্ৰেছ ক্লাব আৰু জাফা’ই জনোৱা আহ্বানৰ প্ৰতি বিভিন্ন জনে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে ।