দিছপুৰ কলেজৰ ৭৬ লাখ টকা হৰলুকী হোৱা ঘটনাই লৈছে নতুন মোৰ। বেংকটোৰ পৰা ধন নোহোৱা হোৱা ঘটনাৰ আঁৰত বেংকৰে বিষয়া-কৰ্মচাৰী জড়িত থকাৰ কথা পোহৰলৈ আহিছে।
ইতিমধ্যে বেংক অব্ বৰোডাৰ মুখ্য প্রবন্ধকসহ পাঁচজনক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। আটকাধীনসকলৰ ভিতৰত বেংকটোৰ মুখ্য শাখা প্ৰবন্ধক আৰ কে সিন্হা আছে।
দিছপুৰ আৰক্ষীয়ে এই কথা জানিবলৈ দি কয় যে, আটকাধীনসকলৰ ভিতৰত তিনিজন বেংক কৰ্মচাৰী আৰু দুজন বি এছ এন এলৰ কৰ্মচাৰী। এই সকলৰ ভিতৰত বেংক অব্ বৰোডাৰ মুখ্য শাখা প্ৰবন্ধকগৰাকীৰ উপৰি বেংকটোৰ দুগৰাকী মহিলা কৰ্মচাৰী ৰীতা তালুকদাৰ আৰু কণিকা হাজৰিকা আছে।
আনহাতে আটকাধীন বি এছ এন এলৰ কৰ্মচাৰী দুজন ক্ৰমে উপেন বণিয়া আৰু অনিল কলিতা। আৰক্ষীয়ে আটাইকেইজনকে জেৰা কৰি আছে। আৰক্ষীয়ে সন্দেহ কৰামতে আটাইকেইজনে সন্মিলিতভাৱে দিছপুৰ কলেজৰ টকাখিনি একাউণ্টৰ পৰা সৰকাই নিছিল।
