দলগাঁৱত নাৰী দেহ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষী আৰু চাইল্ড লাইনৰ অভিযান ।
দলগাঁৱৰ ২ নং শিয়ালমাৰী গাঁৱৰ পৰা উদ্ধাৰ ১৪ বছৰীয়া কিশোৰী । আন এগৰাকীৰ পলায়ন ।
কিশোৰী গৰাকীক তাইৰ মাতৃৰ অন্যপতিয়ে বেয়া কামত লিপ্ত কৰোৱাৰ অভিযোগ স্থানীয়ৰ ।
দীর্ঘদিন ধৰি ঘৰ খনত দেহ ব্যৱসায় কাৰ্য চলোৱাৰ অভিযোগ ।
আজি স্থানীয় ৰাইজৰ সহযোগত দলগাওঁ আৰক্ষী আৰু দৰং চাইল্ড লাইনৰ যৌথ অভিযানত উদ্ধাৰ হয় কিশোৰী গৰাকী ।
কিশোৰী গৰাকীক সম্প্ৰতি দৰং জিলা শিশু কল্যান সমিতি কাৰ্যালয়ত হাজিৰ কৰাইছে চাইল্ড লাইনে ।
