দল বাগৰা ৰাজনীতিকৰ শাৰীত ৰূপজ্যোতি কুৰ্মী, সোমবাৰে পিন্ধিব গেৰুৱা বসন

63

ৰাজনীতিকৰ চৰিত্ৰ পৰিস্থিতিৰ সৈতে সলনি হৈ থাকে। এই কথাই যেন পুনৰ এবাৰ প্ৰমাণ কৰি দিলে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। শুকুৰবাৰে বিধানসভাৰ অধ্যক্ষৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰি কংগ্ৰেছৰ পৰা চিৰবিদায় লোৱা ৰূপজ্যোতি কুৰ্মীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে সোমবাৰে তেওঁ যোগদিব বিজেপিত।

এদিন বিজেপি-আৰএছএছ বুলি কলে চকুৰ কোণেৰেও দেখিব নোৱাৰা ৰূপজ্যোতি কুৰ্মী এতিয়া নিজেই গেৰুৱা বসনধাৰী হৈ নাগপুৰীয়াৰ শৰণাপন্ন হবলৈ ওলোৱাটোক লৈ চৰ্চা চলিছে। মাতৃৰ আদৰ্শৰে কংগ্ৰেছলৈ আহি ৪ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মী নিসন্দেহে কংগ্ৰেছৰ এগৰাকী শক্তিশালী বিধায়ক আছিল। কিন্তু কংগ্ৰেছৰ পৰা পদবী লাভ নকৰাৰ বাবেই এতিয়া এসময়ত হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত কুৰ্মী বিজেপিত যাবলৈ ওলোৱা বুলিও চৰ্চা চলিছে।

সেয়া যিয়েই নহওক, আজি অধ্যক্ষৰ হাতত পদত্যাগ পত্ৰ দাখিলৰ সময়ত ৰূপজ্যোতি কুৰ্মীক সংগ দিয়া দেখা গ’ল বিজেপিৰ দুই বিধায়ক পীয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই। অতি পৰিকল্পিতভাৱে বিজেপি গমণৰ যো-জা চলোৱা ৰূপজ্যোতি কুৰ্মী যে অইন দল বাগৰা ৰাজনীতিকৰ দৰেই চৰিত্ৰহীন সেয়া ইতিমধ্যেই প্ৰমাণ হৈছে।