দক্ষিনকৰিমগঞ্জত ভূমিস্খলনত মৃত্যু হোৱা ব্যক্তি সকলৰ নিকট আত্মীয়লৈ ক্ষতি পূৰন দিবলৈ চৰকাৰক আহ্বান এ আই ইউ ডি এফৰ

552

ষ্টাফ ৰিপৰ্টাৰ, ৩ জুন : দক্ষিনকৰিমগঞ্জ, উদাৰবন্দআৰু আলগাপুৰ সমষ্টিৰ কেইবাজনো লোক ভূমিস্খলনত মৃত্যু হোৱা ঘটনাত মৰ্মাহত হৈছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল ৷ সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা এক বিবৃতিত সাংসদ আজমলে ভূমিস্খলনত মৃত্যু হোৱা লোকসকলৰ আত্মাৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ লগতে নিহত ব্যক্তি সকলৰ নিকত আত্মীয়লৈ ক্ষতি পূৰন দিবলৈ সাংসদ বদৰুদ্দিন আজমলে চৰকাৰলৈ বিবৃতিটোত আহ্বান জনায় ৷