ষ্টাফৰিপোৰ্টাৰ, ২৮ এপ্ৰিল :: লেখিকা ৰমিছা বেগমৰ উদ্যোগত দক্ষিণ গাঁৱত থকা বস্তি এলেকাৰ লগতে কবৰস্থান ৰ আশে পাশে থকা ৫৫টা পৰিয়ালক মঙলবাৰে চাউল, দাইল, খেজুৰ, বুটৰ, লগতে এটা কৈ মাস্ক বিতৰণ কৰা হয়। এইক্ষেত্ৰত ৰমিছা বেগমক আৰ্থিকভাৱে সহায় কৰে ডঃ ৰাজীৱ শৰ্মা , মুকুল আহমেদ, নাজিৰ লস্কৰে। নীলিমা বেগমে মাস্ক চিলাই দিয়ে। বস্তু পেকেট কৰে কমলা গগৈ আৰু বেগমৰ লৰাই। বিতৰণ কৰাত সহায় কৰে ইমদাদিয়া নগৰ মছজিদৰ মুৱাজিন আৰু হিদায়ত আলোচনীৰ সম্পাদক ৰহম আলীয়ে।
