দক্ষিণ কোৰিয়াত হেল’ৱিন উদযাপনৰ সময়তে ভয়ংকৰ ঘটনা, ১৫১ জনৰ মৃত্যু

105

দক্ষিণ কোৰিয়াৰ ছিউলৰ ইটাইৱন জিলাত শনিবাৰে হেল’ৱিন উদযাপনৰ সময়ত হোৱা মাৰাত্মক হুলস্থুলত ১৫১ জন লোক নিহত হোৱাৰ লগতে ৮২ জন আহত হয়।

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক-য়েওলে দেওবাৰে এই মাৰাত্মক হুলস্থুলক লৈ জৰুৰীকালীন সঁহাৰি বৈঠকৰ সভাপতিত্ব কৰে বুলি বিষয়াসকলে জনায়।

ইটায়েৱনৰ এখন বাৰত এজন অচিনাক্ত চেলিব্ৰিটিক তাত ভ্ৰমণ কৰা শুনি এটা বৃহৎ দলে লৰালৰিকৈ যোৱাৰ পিছতে এই কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

কভিড নিষেধাজ্ঞা আঁতৰোৱাৰ পিছতে ছিউলত ভৰ্তি হৈ থকা হেল’ৱিন উৎসৱ সংঘটিত হোৱা বুলি স্থানীয় বিষয়াসকলে জনায়। এই উৎসৱত এক লাখৰো অধিক দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰে আৰু হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনাহে আছে।

উশাহ-নিশাহ লোৱাত অসুবিধা হোৱা লোকৰ পৰা জৰুৰীকালীন বিষয়াসকলে কমেও ৮১টা ফোন লাভ কৰিছিল, ‘দক্ষিণ কোৰিয়াৰ য়নহাপ নিউজ এজেন্সীয়ে প্ৰকাশ কৰিছে।

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন ছুক-য়েলে জৰুৰীকালীন চিকিৎসা দলটো অঞ্চলটোলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দি কয় যে হাস্পতালৰ বিচনা সাজু কৰি ৰাখিব লাগে যাতে হতাহতি কম হয়।

ৰাষ্ট্রপতিগৰাকীয়ে ৰাষ্ট্রীয় শোকৰ সময় ঘোষণা কৰাৰ লগতে ঘটনাৰ পাছত পতাকা নমাই নির্দেশ দিছে৷

তদন্ত অব্যাহত থকাৰ সময়তে কৰ্তৃপক্ষই এতিয়াও দুৰ্ঘটনাৰ সঠিক কাৰণ তদন্ত কৰি আছে।