দক্ষিণ কামৰূপ জিলা কিষাণ মৰ্চাৰ সভাপতি প্ৰয়াত কমল কৃষ্ণ দাসৰ জীয়ৰিৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ অসম শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষা সুনিতা সাং কাকতিৰ

104

গুৱাহাটী:- ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ জিলাৰ কিষাণ মৰ্চাৰ সভাপতি তথা মিৰ্জা নিবাসী কমল কৃষ্ণ দাস (৫৫)ৰ যোৱা ২১ আগষ্টত চিকিৎসাৰত অৱস্থাত হঠাতে পৰলোক প্ৰাপ্তি হয়। কিছুদিন ধৰি কমল কৃষ্ণ দাস মধুমেহ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও উক্ত দিনা স্বাস্থ্যৰ অৱনতি ঘটি অকাল মৃত্যুক আকোৱালি ল’ব লগা হয়।

তেওঁৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলাৰ দলীয় নেতা-কৰ্মীসকলৰ মাজত তথা অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। দক্ষিণ কামৰূপ জিলাৰ কৃষাণ মৰ্চাৰ সভাপতি হৈ থকা অৱস্থাত দাসে দলটোৰ হকে নিষ্ঠা সহকাৰে কাম-কাজ সমূহ নিয়াৰিকৈ চলাই দলটোক শক্তিশালী কৰাত চেষ্টা অব্যাহত ৰাখিছিল।

আজি অসম শিশু সুৰক্ষ আয়োগৰ অধ্যক্ষা তথা বিজেপি নেত্ৰী ড০ সুনিতা চাংকাকতি দাসৰ বাসভৱনত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। লগতে দাসে ভাৰতীয় জনতা পাৰ্টিৰ লগতে তেওঁকো সভা সমিতিত সহায় সহযোগিতা কৰাৰ কথা শলাগ লয়। প্ৰয়াত কমল কৃষ্ণ দাসৰ জীয়ৰি বাবলী ৰাণী দাস মিৰ্জাস্থিত অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী গৰাকী পঢ়াৰ সকলো দায়িত্ব গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে।

আনহাতে প্ৰয়াত দাসৰ আত্মৰ সদগতিৰ অৰ্থে আয়োজন কৰা আদ্য-শ্ৰাদ্ধৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰে দলীয় কাৰ্যকৰ্তাসকলক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে।