ৱাশ্বিংটন ডিচিত অনুষ্ঠিত দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱত অসমৰ প্ৰখ্যাত অভিনেতা আদিল হুছেইনে ‘ৰাহগীৰ’ চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে।
গৌতম ঘোষৰ দ্বাৰা পৰিচালিত “ৰাহগীৰ”-এ দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ বঁটাও লাভ কৰিবলৈ সক্ষম হয়। তদুপৰি ছবিখনৰ পৰিচালক গৌতম ঘোষে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আৰু অভিনেত্ৰী তিলোত্তমা সোমে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰি গৌৰৱ কঢ়িয়াই আনে।
উল্লেখ্য যে, অসমৰ গোৱালপাৰাত জন্মলাভ কৰা আদিল হুছেইন বৰ্তমান হিন্দী ছবিজগতৰ এগৰাকী দক্ষ আৰু জনপ্রিয় অভিনেতা। “লাইভ অৱ পাই”ৰ দৰে হলিউদৰ ছবিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ছবি জগততো জনপ্ৰিয় হৈ পৰা আদিল হুছেইনে ইতিমধ্যে কেইবাখনো ছবিত কৰা অভিনয়ৰ বাবে বিভিন্ন চলচিত্ৰ মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
