থানাৰ ভিতৰতে চাৰ্ভিছ ৰিভলভাৰেৰে গুলীয়াই আত্মহত্যা কৰিলে এগৰাকী আৰক্ষী বিষয়াই। এই শোকাবহ ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ এখন আৰক্ষী থানাত।
আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে কয়, “শিলচৰ সদৰ আৰক্ষী থানাৰ ভিতৰত ডেস্কত বহি থকা অৱস্থাত এএছআই গৌৰ বিধু সিঙে তেওঁৰ চাৰ্ভিচ পিষ্টল ব্যৱহাৰ কৰি নিজৰ মূৰত গুলী মাৰিছিল।”
তেওঁ চৰম পদক্ষেপ লোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
“এই ক্ষেত্ৰত প্ৰয়োজনীয় আনুষ্ঠানিকতা অনুসৰণ কৰা হৈছে আৰু আমি এতিয়াও আত্মহত্যাৰ কাৰণ জানিব পৰা নাই। আইনী আনুষ্ঠানিকতা হাতত লোৱা হৈছে।” কৌৰে কয়।
ইফালে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বিষয়টোৰ তদন্ত বৰ্তমান চলি আছে।
