থানাৰ ভিতৰত যুৱতীক নিৰ্যাতন! গ্ৰেপ্তাৰ শিৱসাগৰ সদৰ থানাৰ SI…

148

শিৱসাগৰ সদৰ থানাত কৰ্মৰত অসম আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকক আৰক্ষী থানাৰ চৌহদৰ ভিতৰত এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ।

অভিযুক্ত উপ-পৰিদৰ্শকজনৰ নাম ৰূপজ্যোতি দলে।

খবৰ অনুসৰি শুকুৰবাৰে নিশা স্থানীয় ব্যৱসায়ী এজনৰ পৰা ধন আদায় কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ পোৱাৰ লগে লগে মহিলাগৰাকীক উঠাই অনা হয়।

এই তথ্য নিশ্চিত কৰি শিৱসাগৰৰ আৰক্ষী অধীক্ষক সুব্ৰজ্যোতি বৰাই কয় যে শিশু আৰু মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত অসম আৰক্ষীৰ শূন্য সহনশীলতা নীতি শিৱসাগৰ আৰক্ষীয়ে কঠোৰভাৱে পালন কৰিছে।

কিন্তু যুৱতীগৰাকীক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত আৰক্ষী বিষয়াজনৰ নাম প্ৰকাশৰ পৰা বিৰত থাকে আৰক্ষী অধীক্ষকে।

উক্ত থানাতে পুলিচজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰি ভুক্তভোগী মহিলাগৰাকীয়ে গ্ৰেপ্তাৰ কৰে উপ-পৰিদৰ্শকজনক।

এই গোচৰৰ সন্দৰ্ভত শিৱসাগৰ থানাত ৩৫৪/৩৫৪(এ) ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত ৰুজু কৰা হৈছে।