ত্ৰিপুৰাত নিৰ্বাচনৰ ভোট গণনাৰ এদিন পূৰ্বে ৰাজ্য আৰক্ষীয়ে ১ মাৰ্চত ধলাই জিলাৰ অন্তৰ্গত গংগানগৰ অঞ্চলৰ পৰা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩ কোটি টকাৰ গাঞ্জা জব্দ কৰে।
সূত্ৰই জনোৱা মতে, প্ৰতিদিনৰ দৰেই আজিও ত্ৰিপুৰা আৰক্ষীৰ লগতে ত্ৰিপুৰা ষ্টেট ৰাইফলছ জোৱানে ধলাই জিলাৰ অন্তৰ্গত গণ্ডাচেৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহন পৰীক্ষা কৰি আছিল।
তালাচী অভিযানৰ সময়ত আৰক্ষীয়ে ধলাই জিলাৰ গংগানগৰৰ নাকা পইণ্টত এখন কণ্টেইনাৰ ট্ৰাকৰ পৰা আৰু গাড়ীৰ পৰা প্ৰায় ২০০০ কেজি গাঞ্জা উদ্ধাৰ কৰে।
আৰক্ষী সূত্ৰই জনোৱা মতে, গংগানগৰ থানা আৰু টি এছ আৰ জৱানৰ যৌথ উদ্যোগৰ দ্বাৰা এই সফলতা লাভ কৰিছে। আৰু চাৰিজন যুৱকক আটক কৰি জেৰা আৰম্ভ কৰে।
পিছত আৰক্ষীয়ে কয় যে এই মূল্য প্ৰায় ৩ কোটি টকা হ’ব।
