তীব্ৰ গতি স্বৰ্গগতি।তেনে এক ঘটনাই যেন প্ৰতিফলিত হল শিলচৰত।প্ৰথমে সুৰাৰ পাৰ্টি কৰি হিন্দী গীতৰ তালে তালে নৃত্য। তাৰ পাছতে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনা সংঘটিত হৈছে শিলচৰৰ ৰংপুৰত।
উল্লেখযোগ্য যে সোমবাৰে নিশা এটা ফাৰ্ম হাউচ ভাড়ালৈ লৈ সুৰাৰ পাৰ্টি কৰিছিল একাংশ যুৱক-যুৱতীয়ে। তাৰ পিছতেই পাৰ্টি কৰি সুৰাৰ নিচাত মাতাল হৈ তীব্ৰ গতিত গাড়ী চলোৱাৰ বাবেই ভয়ংকৰ দুৰ্ঘটনা হোৱা বুলি জানিব পৰা গৈছে।চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত ৰাজপথত বাগৰি পৰে মাৰুতি চুজুকি বাহনখন। চাৰি বন্ধু ঘৰত উভতি যোৱাৰ সময়ত শিলচৰ ৰংপুৰ অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনাৰ কৱলত পৰে বাহনখন।
AS 11D 9783 নম্বৰৰ বাহনখন ভুল পথেৰে তীব্ৰ গতিত যোৱাৰ সময়ত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মাৰে। ফলত ৰাজপথত বাগৰি পৰে বাহনখন।

